UCC বলৱৎ হোৱা দ্বিতীয়খন ৰাজ্য হোৱাৰ দিশে অসম..........

ucc

উত্তৰাখণ্ডৰ পিছত এইবাৰ অসমত বলৱৎ হ’ব UCC। UCC বলৱৎ হোৱা দ্বিতীয়খন ৰাজ্য হোৱাৰ দিশে অসম। চলিত বিধানসভাৰ অধিৱেশনতে উত্থাপন হ’ব UCC বিধেয়ক। লগতে উত্থাপন হ’ব বহু বিবাহ প্ৰতিৰোধী আইন। 

উল্লেখ্য যে, ১০ ফেব্ৰুৱাৰীত কেবিনেটত UCC বিধেয়কক লৈ গ্ৰহণ কৰা হ’ব প্ৰস্তাৱ। অচিৰেই বলৱৎ হ’ব সম নাগৰিক সংহিতা। অসমতো হ’ব ‘এক দেশ এক আইন’।

আনহাতে, অসমত ধৰ্মৰ ভিত্তিৰ আইনৰ ব্যৱস্থা নাথাকিব। সকলো নাগৰিকৰ বাবে একেখন আইন হ’ব। UCCৰ সপক্ষে পূৰ্বৰে পৰা তৎপৰ আছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। 

UCC আইন হ’লে নাথাকিব মুছলিম পাৰ্ছ’নেল ল’। UCC হ’লে নাথাকিব হিন্দু ল’ ব্যৱস্থাও।

Category
Profile picture for user UB Photos