সুৰাৰ বিপণী খোলাৰ দিশে অগ্ৰসৰ চৌদী আৰব! সুৰাৰ প্ৰচলনৰ ক্ষেত্ৰত বাধা থকাৰ পিছতো কিয় এই সিন্ধান্ত?...........

wine

প্ৰথমখন সুৰাৰ বিপণী খোলাৰ দিশে অগ্ৰসৰ হৈছে চৌদী আৰব। কূটনীতিবিদসকলৰ লগতে দেশখনলৈ যোৱা বিদেশী পৰ্যটকৰ বাবে ৰাজধানী ৰিয়াধত প্ৰথমখন সুৰাৰ বিপণী খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

ইছলামিক দেশ আৰবত সুৰাৰ প্ৰচলনৰ ক্ষেত্ৰত বাধা আছে। কিন্তু শেহতীয়াকৈ দেশখনে কেতবোৰ নীতি শিথিল কৰিছে। অতি ৰক্ষণশীল ইছলামিক দেশখনৰ যুৱৰাজ মহম্মদ বিন ছলমানৰ সংস্কাৰমূলক নীতিৰ অংশস্বৰূপে ৰিয়াধত সুৰাৰ বিপণী খোলাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ। 

এই সুৰাৰ বিপণীৰ পৰা সুৰা ক্ৰয় কৰিবলৈ হ’লে নিৰ্দিষ্ট গ্ৰাহকসকলে ম’বাইল এপৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পাছত তেওঁলোকে বিদেশ মন্ত্ৰালয়ৰ পৰা অনুজ্ঞাৰ কোড লাভ কৰিব। এই প্ৰক্ৰিয়াৰে সুৰাৰ বিপণীখনৰ পৰা সুৰা বিক্ৰী হ’ব।

Category
Profile picture for user UB Photos