ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ! DGPক গোচৰ ৰুজুৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...........

india

আজি 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ ষষ্ঠ দিন। গুৱাহাটী খানাপাৰাত ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত পুনৰ সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ। আৰক্ষীৰ বেৰিকেড ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ কংগ্ৰেছ সমৰ্থকে। বেৰিকেড স্থাপন কৰি মোতায়েন কৰা আৰক্ষীৰে হতাহতিত লিপ্ত হৈছিল একাংশ উত্তেজিত কংগ্ৰেছ নেতা-কৰ্মী।

উল্লেখ্য যে, খানাপাৰাত ৰাহুল গান্ধীৰ সৈতে নেতা-কৰ্মীসকল উপস্থিত হোৱাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহানগৰীৰ ভিতৰলৈ যোৱাত বাধা প্ৰদান কৰা হেতুকে বেৰিকেড দি অৱৰোধৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে। কংগ্ৰেছ নেতা-কৰ্মী সকলে বেৰিকেডৰ পাৰ ভাঙিব বিচাৰোতেই আৰক্ষীৰ লাঠি চালনাৰ বলি হ’ব লগা হয়।

উক্ত ঘটনাৰ পিছেত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ নেতা-কৰ্মীয়ে সৃষ্টি কৰা এই অপ্ৰীতিকৰ পৰিস্থিতৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Category
Profile picture for user UB Photos