বিনামূলীয়া চাউলৰ উপৰিও আপুনি কি কি সুবিধা লাভ কৰিব ৰেচন কাৰ্বি থাকিলেঃ জানো আহক.........

assam

ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ ৪০ লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচী ১৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে।

প্ৰত্যেক বিধানসভা সমষ্টিতে ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে‌ ৰাজ্য চৰকাৰে। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীক মঙলবাৰৰ পৰা ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰিছে।

আপুনি কি কি সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থাকিলে –

*ৰেচন কাৰ্ডত নাম থকা প্ৰত্যেক গৰাকী‌ সদস্যৰ বিপৰীতে মাহত ৫ কেজি চাউল বিনামূলীয়াকৈ দিব চৰকাৰে।
*মাহিলী ৩০-৩২ হাজাৰ টকা উপাৰ্জন কৰা সকলেও লাভ কৰিব ৰেচন কাৰ্ড।
*এতিয়াৰে পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও পাব ৰেচন কাৰ্ড।
*চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ যদি মাহিলী পেন্সন ৩৩ হাজাৰ নহয় তেওঁলোকেও পাব ৰেচন কাৰ্ড।
*উজ্বলা আঁচনিৰ অধীনত ৩০০ টকা ৰেহাই মূল্যত চিলিণ্ডাৰ লাভ কৰিব।
*আয়ুষ্মান কাৰ্ডৰ অধীনত ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰিব।

Category