প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক আন এক মোক্ষম আঘাত! মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ জয় একনাথ সিন্ধেৰ.............

Maharashtra

মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ জয় একনাথ সিন্ধেৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক আন এক মোক্ষম আঘাত। মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ পক্ষত ৰায় অধ্যক্ষৰ। বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ৱেকাৰৰ ঘোষণা।

একনাথ সিন্ধে গোটক প্ৰকৃত শিৱসেনাৰ স্বীকৃতি। সিন্ধে গোটৰ ১৬ বিধায়কলৈ সকাহ। বাতিল নহয় ১৬ বিধায়কৰ সদস্য পদ। বিধানসভাতো মুখথেকেচা উদ্ধৱপন্থী শিৱসেনাৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ সকাহ সিন্ধে গোটলৈ।

উল্লেখ্য যে, ২০২২ চনৰ জুনত তদানীন্তন শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেই বৰ্খাস্ত কৰিছিল একনাথ সিন্ধেক। সেই বৰ্খাস্তকৰণক শিৱসেনা দলৰ সংবিধান অনুসৰি অবৈধ আখ্যা বিধানসভাৰ অধ্যক্ষ নাৰ্ৱেকাৰৰ। শিৱসেনাৰ সংবিধান অনুসৰি দলৰ সভাপতিয়ে কোনো সদস্যক দলৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰে। 

আনহাতে, সিন্ধেৰ বৰ্খাস্তকৰণক লৈ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকৰ তথ্যও দিবলৈ অপৰাগ হ’ল উদ্ধৱপন্থী শিৱসেনা গোটটোৱে। এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন গোটকে প্ৰকৃত শিৱসেনা বুলি স্বীকৃতি দিলে অধ্যক্ষ নাৰ্ৱেকাৰে।

Category
Profile picture for user UB Photos