নিবনুৱা সকললৈ সুখবৰ! ৫,৫৫০ টা শিক্ষক পদৰ বিজ্ঞাপন, অন্তিম আবেদনৰ তাৰিখ কেতিয়া, কেনেকৈ আবেদন কৰিব?.............

job

অসম চৰকাৰৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৫,৫৫০ টা শিক্ষক পদৰ বিজ্ঞাপন মুকলি কৰিছে। অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা এই বিজ্ঞাপনসমূহ অনলাইনযোগে আবেদন কৰিব লাগিব। 

উল্লেখ্য যে, নিম্ন প্ৰাথমিকত ৩,৮০০ টা শিক্ষক পদৰ লগতে  উচ্চ প্ৰাথমিকত ১,৭৫০ টা শিক্ষক পদ খালী আছে। নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ মাহিলি দৰমহা ১৪,০০০ ৰ পৰা ৭০,০০০ হোৱাৰ লগতে গ্ৰেড পে' আৰু অন্যান্য সুবিধাসমুহো লাভ কৰিব।

আনহাতে, প্ৰাৰ্থীৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত ১৮ বছৰৰ কম আৰু ৪০ বছৰৰ অধিক হ'ব নালাগিব। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে বয়স ২ বছৰ, OBC/MOBC ৰ প্ৰাৰ্থী সকলৰ বাবে ৩ বছৰ, ST/SC(P)/ST(H)ৰ প্ৰাৰ্থী সকলৰ বাবে ৫ বছৰ আৰু PWD শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স ১০ বছৰ ৰেহাই দিয়া হ'ব।

উল্লেখণীয় যে, আবেদন প্ৰক্ৰিয়া ২ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু আবেদনৰ শেষ তাৰিখ ২ ফেব্ৰুৱাৰী।

Category
Profile picture for user UB Photos