আগন্তুক লোকসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল সমুহে নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ.........

political

আগন্তুক লোকসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল সমুহে নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ হৈছে ৷ কি শাসক কি বিৰোধী সকলোৱে লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে। 

বিশেষকৈ বৰপেটা সমষ্টিটোক লৈ চকু মিত্ৰজোটত থকা অগপৰ বিপৰীতে বিজেপিয়ে সমষ্টি এৰি দিব বিচৰা নাই অগপক। ইপিনে বুধবাৰে বৰপেটাত উপস্থিত হৈ বৰপেটা সত্ৰত সেৱা জনায় প্ৰাক্তন বিধায়ক তথা বিজেপিৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী অশোক শৰ্মাই। নিজকে সনাতন ধৰ্মৰ বিশ্বাসী বুলি কয় শৰ্মাই। 

অশোক শৰ্মাই কয় যে বৰপেটাৰ লগতে সমগ্ৰ অসমে জানিছে মই বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী লগতে তেওঁ কয় যে কোনো কাৰণতে বৰপেটা লোকসভা সমষ্টি অগপক এৰি দিয়া নহয়। অগপ যিহেতু দুবাৰ শাসনত অধিষ্ঠত আৰু আমাৰ মিত্ৰদল গতিকে তেওঁলোকে প্ৰাৰ্থীত্ব বিচৰাটো স্বাভাৱিক। 

সমষ্টি পুনঃনিৰ্ধাৰণ কৰি বৰপেটা সমষ্টিটো মশৃণ  কৰা হৈছে গতিকে আন দলক বৰপেটা সমষ্টিটো এৰি দিয়াৰ কোনো যুক্তি নাই বুলিও তেখেতে মন্তব্য কৰে। বৰপেটা কলিয়াবৰ আৰু নগাও এই তিনিওটা সমষ্টি লোকসভা প্ৰৱাহ যোজনাৰ  জৰিয়তে এখন কমিটি গঠন কৰি সভা সমিতি পাতি তিনিওঁটা সমষ্টি বিজেপিৰ হাতত ৰাখিব পাৰি তাৰে বাবে চেষ্টা চলোৱা হৈছে বুলি মন্তব্য অশোক শৰ্মাৰ। 

বৰপেটা সমষ্টিটো মসৃণ সমষ্টি অগপই আশা কৰাটো স্বাভাৱিক কিন্তু বিজেপিয়ে কোনো কাৰণতে অগপক বৰপেটা সমষ্টি এৰি নিদিয়ে বুলিও মন্তব্য কৰে অশোক শৰ্মাই ৷

Category
Profile picture for user UB Photos