খাদ্যৰ তালিকাত সংযোগ কৰক দৈ ক! আৰু বিভিন্ন ৰোগৰ পৰা নিৰাময় পাওঁক -

curd

গাখীৰত কৈও দৈ আমাৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী। বেক্টেৰিয়াৰ ফলত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয়। দৈত লেক্টজক লেক্টিক এচিড থাকে। আজি দৈৰ গুণাগুণৰ বিষয়ে জানো আহক-

১. দৈৰ লাভালাভবোৰৰ ভিতৰত এক অন্যতম হৈছে ই ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। দৈয়ে ৰোগ সৃষ্টিকাৰী বীজাণুৰ সৈতে যুঁজ দি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে।

২. দৈ কেলচিয়াম আৰু ফছফৰাছ সমৃদ্ধ। কেলচিয়াম হৈছে আমাৰ হাড় আৰু দাঁতৰ ৰক্ষক। প্ৰতিদিনে দৈ খোৱাটোৱে আপোনাৰ দৈনিক কেলচিয়াম আৰু ফছফৰাছৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে পূৰণ কৰে।

৩. দৈ এক উত্তম প্ৰ'বায়োটিক খাদ্য। যাৰ ফলত দৈ খালে ই হজমশক্তি উন্নত কৰাৰ লগতে অন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে। ই পেট ফুলা সমস্যাৰো সামাধান কৰে।

৪. দৈত জিংক, ভিটামিন চি আৰু কেলচিয়ামৰ দৰে অত্যাৱশ্যকীয় পুষ্টি থাকে। এইসমূহ ছালৰ বাবে অতি উপকাৰী। দৈ খালে ই ছালখন আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে।

৫. ছাল-ছুলিৰ বাবে খুবেই উপকাৰী দৈ। দৈৰে চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায়। টেঙা দৈৰে চুলি ধুলে মূৰৰ উফিও নাশ হয়।

৬. ওজন হ্ৰাস কৰাৰ বাবে দৈ খোৱা ভাল। ই ষ্টেৰইড হৰমন বিকাশ প্ৰতিহত কৰে, যাৰ ফলত মেদবহুলতাৰ আশংকা নিয়ন্ত্ৰণ হয়।

Category