অসমৰ বাবে এটা স্বৰ্ণিল দিন! দিল্লীত আলফাৰে ঐতিহাসিক চুক্তি...........

ULFA

দিল্লীত আলফাৰে ঐতিহাসিক চুক্তি। প্ৰায় ১২ বছৰ ধৰি চলা আলোচনাৰ অন্তত ২৯ ডিচেম্বৰৰ আবেলি ৫ বজাত স্বাক্ষৰিত হ'ল কেন্দ্ৰীয়-ৰাজ্য আৰু আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি। 

নতুন দিল্লীৰ নৰ্থ বক্লত অনুষ্ঠিত এই চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আলফাৰ ৮ জন প্ৰতিনিধি, ১৪ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে অন্য বিষয়-ববীয়া।

উল্লেখ্য যে, আলফা-চৰকাৰৰ মাজত হোৱা শান্তি চুক্তি গুৰুত্বপূৰ্ণ। আলফাই সকলো অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ লগতে আত্মসমৰ্পন কৰি, সশস্ত্ৰ সংগঠন ভংগ কৰি আৰু সকলো শিবিৰ খালী কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত চামিল হোৱাৰ সিদ্ধান্ত লৈছে। 

আলফাৰ দীঘলীয়া সংঘৰ্ষত এতিয়ালৈকে প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছে। এই সকলো ভাৰতৰেই নাগৰিক। এতিয়া যেন সেই সকলো সমস্যাৰ সমাধান হ'ল। আলফাৰ প্ৰতিনিধিসকলৰ সৈতে কথা পাতি অসমৰ বাবে বৃহৎ আৰ্থিক পেকেজৰ ব্যৱস্থা কৰা হৈছে। 

এই শান্তি চুক্তি প্ৰক্ৰিয়াৰ বাবে শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আলফাৰ প্ৰতিগৰাকী প্ৰতিনিধিক ধন্যবাদ জ্ঞাপন কৰে।
 

Category
Profile picture for user UB Photos