মাজত মাথো দুটা ঘণ্টা! বিয়লি ৫ বজাত স্বাক্ষৰিত হ’ব ঐতিহাসিক শান্তি চুক্তি..........

ULFA

মাজত মাথো দুটা ঘণ্টা
বিয়লি ৫ বজাত স্বাক্ষৰিত হ’ব ঐতিহাসিক শান্তি চুক্তি
আলফা-চৰকাৰৰ শান্তি চুক্তিকলৈ উদ্বিগ্নতা সৰ্বত্ৰ
চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ
উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

আলফাৰ ১৬ জনীয়া দলে অংশ ল’ব চুক্তি স্বাক্ষৰ বৈঠকত
উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ সচিব, IB-NIAৰ মুৰব্বী
মুখ্য সচিব পৱন বৰঠাকুৰে স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰৰ হৈ
উপস্থিত থাকিব DGP জি পি সিং
১১টাকৈ সংগঠনৰ প্ৰতিনিধিকো আমন্ত্ৰণ বৈঠকলৈ

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তিখন স্বাক্ষৰিত হ’ব। কেন্দ্ৰৰ হৈ কেন্দ্ৰীয় গৃহ সচিব এ. কে ভাল্লাই স্বাক্ষৰ প্ৰদান কৰিব। 

আনহাতে, অসম চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব মুখ্য সচিব পৱন বৰঠাকুৰে। আলফাৰ ১৬ জনীয়া দলটোৱে সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ নেতৃত্বত চুক্তিত স্বাক্ষৰ কৰিব। এই বৈঠকত ৫ জনগোষ্ঠীৰ প্ৰতিনিধিকো আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos