APSC কেলেংকাৰি! আজি দুই ৰাজপত্ৰিত বিষয়া ক্ৰমে ACS হিতেশ মজুমদাৰ, গীতাৰ্থ বৰুৱাক SITৰ হাজিৰ হোৱাৰ চমন...........

APSC Scam

অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰি! পুনৰ দুই ৰাজপত্ৰিত বিষয়ালৈ SITৰ হাজিৰ হোৱাৰ চমন। ACS হিতেশ মজুমদাৰ, গীতাৰ্থ বৰুৱাক SITৰ হাজিৰ হোৱাৰ চমন। আজি CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ SITৰ।

উল্লেখ্য যে, জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ অভিযোগত চমন জাৰি। APSCৰ মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল হিতেশ মজুমদাৰ। আনহাতে, সাধাৰণ জ্ঞানত লাভ কৰিছিল ১১৫ নম্বৰ। নম্বৰ বৃদ্ধি কৰা হৈছিল ২০৫লৈ। ইংৰাজীত ৫৯ৰ বিপৰীতে দিয়া হৈছিল ১৬০ নম্বৰ।

লগতে, সমাজতত্ত্বৰ প্ৰথম কাকতত ৮৬ৰ পৰিৱৰ্তে দিয়া হৈছিল ১১৭ নম্বৰ। সমাজতত্ত্বৰ দ্বিতীয় কাকতত ৪৯ৰ বিপৰীতে দিয়া হৈছিল ১১৯। ৰাকেশৰ পালৰ গৃহত উদ্ধাৰ হোৱা টেবুলেশ্ব্যন শ্বীটৰ এখন আছিল হিতেশৰ।

আনহাতে, নিয়োগ বিষয়া গীতাৰ্থ বৰুৱাৰো বৃদ্ধি কৰা হৈছিল নম্বৰ। তিনিখনকৈ উত্তৰবহীত বৃদ্ধি কৰা হৈছিল নম্বৰ। অৰ্থনীতিৰ প্ৰথম আৰু দ্বিতীয় কাকতত বৃদ্ধি কৰা হৈছিল নম্বৰ। কমাৰ্চ আৰু একাউণ্টেন্সীৰো দুখন পেপাৰত নম্বৰ বৃদ্ধি।

Category
Profile picture for user UB Photos