নিবনুৱা সকললৈ সুখবৰ! অসম চৰকাৰে নতুনকৈ ৯,১০১ টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে..... কি কি বিভাগৰ বাবে পদ মুকলি হৈছে? জানো আহক.........

assam govt

নিবনুৱা সকললৈ সুখবৰ! অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ ৯,১০১ টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে নিবনুৱাসকলৰ বাবে। স্নাতক শিক্ষক, স্নাতকোত্তৰ শিক্ষক, সহকাৰী শিক্ষক, বিজ্ঞান শিক্ষক আৰু হিন্দী শিক্ষকে ধৰি বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে।

উল্লেখ্য যে, মাধ্যমিক শিক্ষা সঞ্চালকালয় অসমৰ অন্তৰ্গত বিভিন্ন প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ৰ কলা, বিজ্ঞান, হিন্দী আৰু সংস্কৃত বিষয়ৰ বাবে স্নাতক শিক্ষকৰ ৭,২৪৯টা খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। ইয়াৰ লগতে, অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত বিভিন্ন চৰকাৰী মাধ্যমিক বিদ্যালয়ত স্নাতকোত্তৰ শিক্ষকৰ ১০২টা খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। 

স্নাতক শিক্ষক পদৰ বাবে ১৪,০০০–৭০,০০০ টকাৰ দৰমহাৰ স্কেলত ৮,৭০০টকা মাহিলী গ্ৰেড পে’ আৰু অন্যান্য ভাট্টা প্ৰদান কৰা হ’ব। আনহাতে, স্নাতকোত্তৰ শিক্ষকৰ পদৰ বাবে নিযুক্তিপ্ৰাপ্তসকলক ২২০০০ টকাৰ পৰা ৯৭,০০০ টকাৰ দৰমহা সহ ১১,৮০০টকাৰ গ্ৰেড পে’ দিয়া হ’ব।

উপৰোক্ত পদসমূহৰ নিযুক্তিত টেটসহ নিযুক্তি পৰীক্ষাৰ বাবে জিলাভিত্তিক, বিষয়ভিত্তিক, মাধ্যম আৰু শ্ৰেণীভিত্তিক পদ বিভাজন কৰা হ’ব। এই পদসমূহত অনলাইন আবেদনৰ তাৰিখ, সময় আৰু অন্যান্য সবিশেষ অফিচিয়েল ৱেবছাইট www.madhyamik.assam.gov.in ত অৱগত কৰা হ’ব। স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাৰ্থীয়ে স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে B.Ed ডিগ্ৰী থাকিব লাগিব।

Category
Profile picture for user UB Photos