আচৰিত! এতিয়াৰে পৰা মতা বিয়া খাবলৈ নগ'লেও জৰিমনা ভৰিব লগা হ'ব পাৰে আপুনিও.... কিন্তু কিয়?জানো আহক সবিশেষ......

marriage

এক আচৰিত ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াত। এগৰাকী যুৱতীয়ে নিজৰ বিবাহত আত্মীয়সকল উপস্থিত নথকাৰ বাবেই জৰিমনা হিচাপে বিচাৰিলে শকত ধনৰ টোপলা।

উল্লেখ্য যে, প্ৰায় ওঠৰ মাহৰ আগৰে পৰা অষ্ট্ৰেলিয়াৰ যুৱতীগৰাকীয়ে নিজৰ বিবাহৰ বিষয়ে আত্মীয়সকলক অৱগত কৰিছিল। তাৰ পিছতো বহু লোক বিয়ালৈ নহাত ইয়াৰ প্রত্যুত্তৰ দিয়াৰ ব্যৱস্থা কৰিলে কইনাগৰাকীয়ে। অতিথি সকলৰ পৰা কইনাগৰাকীয়ে শকত পৰিমানৰ জৰিমনা বিচাৰিলে। কিয়নো মতাৰ পিছতো বিয়াঘৰলৈ নহাৰ শাস্তি এইটোৱেই!

সাধাৰণতে প্ৰায় সকলোৱে বিয়া আদিৰ অনুষ্ঠানলৈ নিজৰ অতি ঘনিষ্ঠ বন্ধু বা আত্মীয়ক নিমন্ত্রণ কৰে। সেই বিশেষ দিনা তেওঁলোকৰ উপস্থিত বহুতে আশা কৰে। কিন্তু তাৰ পিছতো যদি কোনো নাহে তেন্তে অভিমান কৰাটো সাধাৰণতে বাঞ্চনীয়। কেৱল সেয়াই নহয়, কিছুমানেটো তাৰ বাবে বন্ধু-বান্ধৱী বা আত্মীয়ক কথা শুনাবলৈও নাপাহৰে। 

কিন্তু অষ্ট্ৰেলিয়াৰ এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। বিয়ালৈ নহাৰ বাবেই এইবাৰ কইনাগৰাকীৰ বৰ খং উঠিল। কিন্তু সেই খঙ বেলেগ ধৰণে প্রকাশ কৰিলে কইনাগৰাকীয়ে। বিয়ালৈ নহাৰ জৰিমনা হিচাপে শকত অংকৰ ধন বিচৰা হ'ল।

বিভিন্ন তথ্যৰ পৰা জনা অনুসৰি, যুৱতীগৰাকীৰ মতে, বিয়াৰ বাবে তেওঁ বহু টকা খৰচ কৰিব লগা হৈছিল। ইতিমধ্যে কোন কোন অতিথি বিয়ালৈ আহিব পাৰিব সেয়া সুধি পুছি ৰাখিছিল। সেই সময়ত সকলোৱে আহিব বুলি ক'লে।' কিন্তু বিয়াৰ আগদিনা ১০ জন লোকে আহিব নোৱাৰো বুলি ক'লে। 

কাৰণটো হ'ল তেওঁলোকে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাবলৈ বহুত খৰচ কৰিব লাগিব। ইপিনে কইনাই তেওঁলোকৰ অভ্যর্থনাৰ বাবে ডাঙৰ ব্যৱস্থা কৰি বহি আছে।

সেয়েহে শেষ মুহূর্তত অতিথিৰ অজুহাত শুনি কইনাৰ খং উঠিল। তেওঁ সিদ্ধান্ত ল'লে যে অতিৰিক্ত খৰচ অতিথিসকলৰ পৰাই আদায় কৰা হ'ব। সংবাদ মাধ্যমৰ আগত কইনাগৰাকীয়ে অতিথিসকলৰ বাবে সকলো ব্যৱস্থা কৰা হৈছিল বুলি জানিবলৈ দিয়ে। আসন বুকিঙৰ পৰা বিশেষ খাদ্যৰ ব্যৱস্থালৈকে সকলো কৰা হৈছিল। ইয়াৰ বাবে বহুত টকা খৰচ হয়। এইবাৰ কইনাগৰাকীয়ে সেই লোকচান অতিথিক জৰিমনাৰ জৰিয়তে পূৰণ কৰিব বিচাৰিছে।
 
 

Category
Profile picture for user UB Photos