কোনো ক্ৰিকেটাৰে কেতিয়াও পিন্ধিব নোৱাৰিব ৭ নম্বৰ জাৰ্ছী! ধোনীলৈ সন্মান BCCI ৰ.........

Dhoni

শচীন তেণ্ডুলকাৰৰ পিছতে মাহীক ‘লেজেণ্ড’ মানিলে বিচিচিআয়ে। এইবাৰ মহেন্দ্ৰ সিং ধোনীৰ ৭ নম্বৰ জাৰ্ছীও ল’ব অৱসৰ। অৰ্থাৎ কোনো ক্ৰিকেটাৰে কেতিয়াও এই নম্বৰ জাৰ্ছী পিন্ধিবলৈ দিয়া নহ’ব।

উল্লেখ্য যে, ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ৩ বছৰ পিছত এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰৰ জাৰ্ছী নম্বৰ ১০ক ২০১৭ চনত ৰিটায়াৰ কৰিছিল ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। ভাৰতীয় ক্ৰিকেটত যিসকলক ক্ৰিকেটাৰক লেজেণ্ড হিচাপে ভৱা হৈছে তেওঁলোকক  বিশেষ সন্মান দিবলৈ ব’ৰ্ডৰ এই প্ৰশংসনীয় পদক্ষেপ।

বিচিচিআয়ে ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলক, বিশেষকৈ নতুন খেলুৱৈসকলক জনাই দিছে যে ৭ আৰু ১০ নম্বৰ এই দুটা নম্বৰ তেওঁলোকে নাপাব। ৭ নম্বৰ ধোনীৰ জাৰ্ছী নম্বৰ আৰু ১০ নম্বৰ শচীনৰ জাৰ্ছী নম্বৰ। 
 

Category

Related Articles