উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান! সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ বাতিলকৰণ বৈধ..........

court

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান
সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ বাতিলকৰণ বৈধ
কেন্দ্ৰৰ সিদ্ধান্তক বৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ
লাডাখক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাও বৈধ
J&K সন্দৰ্ভত কেন্দ্ৰৰ স্থিতি লৈ বৃহৎ সমৰ্থন ন্যায়ালয়ৰ
শীঘ্ৰেই J&Kক ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদানৰ নিৰ্দেশ
২০২৪ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন পতাৰ নিৰ্দেশ

জম্মু-কাশ্মীৰৰ সৈতে জড়িত সংবিধানৰ ৩৭০ অনুচ্ছেদ সন্দৰ্ভত আজি দেশৰ শীৰ্ষ আদালতে ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰি সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সিদ্ধান্তক বৈধ বুলি বিবেচনা কৰিছে। এই সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়খনত ২৩খন আবেদন দাখিল কৰা হৈছিল।

১১ ডিচেম্বৰ ২০২৩, সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্ত বাহাল ৰখাৰ ৰায় ঘোষণা কৰে। CJIৰ উপৰিও এই বিচাৰপীঠত ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাৱৈ আৰু ন্যায়াধীশ সূৰ্য কান্তও আছিল।

উল্লেখ্য যে, সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিষয়ত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে তিনিটা পৃথক সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্ত পাঠ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত অক্ষত অৱস্থাত থাকিব।

ইয়াৰ সমান্তৰালকৈ তেওঁ আবেদনকাৰীসকলৰ যুক্তিও নাকচ কৰে, য’ত তেওঁলোকে জম্মু-কাশ্মীৰৰ পৰা ৰাজ্যৰ অধিকাৰ কাঢ়ি লৈ ​​কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ বিৰোধিতা কৰিছে। লগতে, উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ সিদ্ধান্তত জম্মু-কাশ্মীৰৰ ভৱিষ্যতৰ ৰ’ডমেপও দিয়া হৈছে।


 

Category
Profile picture for user UB Photos