লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান মাহ! অসমতো তৎপৰ বিৰোধী মিত্ৰজোঁট.......

Election

লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান মাহ বাকী। ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৪ ৰাজ্যতে বিধ্বস্ত হৈছে বিৰোধী। বৰ্তমান অসমত লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিৰোধী মিত্ৰজোঁট।

মহানগৰীত বিৰোধী মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক। ১৫ বিৰোধী দলে ঐক্যবদ্ধভাৱে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা সম্পন্ন। সকলো ৰাজনৈতিক দলে নিদিয়ে নিৰ্বাচনত প্ৰাৰ্থী। ঐক্যবদ্ধ বিৰোধীয়ে পূৰ্ণ শক্তিৰে যুঁজ দিয়াৰ ঘোষণা।

উল্লেখ্য যে, ১২ ডিচেম্বৰত CAA বিৰোধী সমন্বয় শক্তিৰ প্ৰতিবাদী কাৰ্যসূচী। অসমত বিৰোধী ঐক্য শক্তিশালী হোৱাৰ দাবী। বিজেপিৰ বিৰুদ্ধে এগৰাকীহে প্ৰাৰ্থী দিব বিৰোধী ঐক্য মঞ্চই।

বৈঠকত উপস্থিত থাকিব ভূপেন বৰা, লুৰিণজ্যোতি গগৈ লগতে অংশ ল’লে ৰিপুণ বৰা, ডাঃ ভৱেন চৌধুৰীয়ে। অংশগ্ৰহণ মনোৰঞ্জন তালুকদাৰ, ৰাছেন হুছেইনৰ। বৈঠকত অনুপস্থিত অখিল গগৈ।

Category
Profile picture for user UB Photos