EXIT POLL! ছত্তীশগড় আৰু মধ্যপ্ৰদেশত কংগ্ৰেছ দলে চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰকট........

vote

৫ ৰাজ্যৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত প্ৰকাশ পোৱা EXIT POLLত মিশ্ৰিত ফলাফল দেখা গৈছে। ছত্তীশগড় আৰু মধ্যপ্ৰদেশত কংগ্ৰেছ দলে চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰকট হোৱাৰ বিপৰীতে ৰাজস্থানত পৰাজয় বৰণৰ দিশত আগবাঢ়িছে দলটো। ABPC ভোটাৰৰ মতে ৰাজস্থানত বিজেপিয়ে ১০৪খন আসন লাভ কৰিব। বিপৰীতে কংগ্ৰেছে পাব ৮১খন আসন। 

দৈনিক ভাস্কৰ, টাইমছ নাও ইটিজি, টিভি–9 প’লষ্ট্ৰেটৰ মতেও বিজেপিয়ে ৰাজ্যখনত ১০২ৰ পৰা ১১৮খন আসন লাভ কৰিব। ইফালে বিভিন্ন সংস্থাৰ EXIT POLLএ মধ্যপ্ৰদেশত কংগ্ৰেছক কংগ্ৰেছ- ১১১ৰ পৰা ১২১ আসন দিয়াৰ বিপৰীতে বিজেপিক ১০৬ৰ পৰা ১১৬খন আসন। ছত্তীশগড়তো  EXIT POLLৰ সমীক্ষা অনুসৰি কংগ্ৰেছে ৪০ৰ পৰা ৫০ আসন দখলৰ সম্ভাৱনা আছে। 

আনহাতে, বিজেপি ৩৬ৰ পৰা ৪৬ আসন দখল কৰিব পাৰে। তেলেংগানাত শাসনাধিষ্ঠীত BRS দলৰ  ১০ বছৰীয়া শাসন উৎখাতৰ সম্ভাৱনা দেখা গৈছে EXIT POLLৰ সমীক্ষাত। ৰাজ্যখনত কংগ্ৰেছে ৪৮ৰ পৰা ৬৪ আসন লাভ কৰাৰ বিপৰীতে BRSয়ে ৪০ৰ পৰা ৫৫খন আসন লাভৰ সম্ভাৱনা আছে। মিজোৰামতো পট পৰিৱৰ্তন সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিৰোধী ZPM দলে ১৫ৰ পৰা ২৫খন আসন লাভ কৰাৰ বিপৰীতে MNF দলৰ আসনৰ সংখ্যা সীমিত থাকিব ১০ৰ পৰা ১৪খনত।

Category
Profile picture for user UB Photos