উত্তৰখণ্ডত উৎকণ্ঠাৰ অন্ত! ৪১৮ ঘণ্টাজোৰা প্ৰচেষ্টা অন্তত উদ্ধাৰ ৪১ শ্ৰমিক..........

Uttarakhand Tunnel Updated News...

উত্তৰখণ্ডত উৎকণ্ঠাৰ অন্ত পৰিল
৪১ আবদ্ধ শ্ৰমিকক উদ্ধাৰ অভিযান আৰম্ভ
দুৰ্ঘটনাৰ ১৭ দিনত সমাপ্ত ড্ৰিলিং অভিযান
তীব্ৰ প্ৰত্যাহ্বানৰ মাজত সমাপ্ত হ’ল ড্ৰিলিং
প্ৰাথমিক চিকিৎসাৰ বাবে সুৰংগতেই স্থাপন অস্থায়ী হাস্পতাল
প্ৰাথমিক চিকিৎসাৰ পিছত শ্ৰমিকক নিয়া হ’ব স্থানীয় হাস্পতাললৈ
সুৰংগস্থলীৰ বাহিৰত সাজু কৰি ৰখা হৈছে এম্বুলেঞ্চ
শ্ৰমিকক উদ্ধাৰৰ বাবে যুদ্ধকালীন তৎপৰতা
উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে
এজন এজনকৈ উদ্ধাৰ কৰা হ’ব ৪১ শ্ৰমিকক
৪১৮ ঘণ্টাজোৰা প্ৰচেষ্টা অন্তত উদ্ধাৰ শ্ৰমিকসকল

উল্লেখ্য যে, ১২ নৱেম্বৰৰ পৰা উত্তৰাখণ্ডৰ চিল্কাৰা দণ্ডালগাঁও নিৰ্মাণাধীন সুৰংগত আবদ্ধ হৈ আছিল ৪১জনকৈ শ্ৰমিক। সুৰংগটোত ভূমিস্খলন সংঘটিত হৈ আবদ্ধ হৈ পৰা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে চলিছিল অভিযান। কেইবাটাও অভিযানত প্ৰতিকূল পৰিস্থিতিৰ বাবে বাধাগ্ৰস্ত হোৱাত বিগত তিনিদিন ধৰি আৰম্ভ হৈছিল বিকল্প অভিযান। 

সেনা বাহিনীৰ সহযোগত চলোৱা এই অভিযানত অৱশেষত সফলতাৰ মুখ দেখিলে উদ্ধাৰকাৰী দলে। আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞা আৰ্নল্ড ডিক্সে দোহাৰীলে নিজৰ আত্মবিশ্বাসৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি বুজ ল’লে সমগ্ৰ পৰিস্থিতিৰ। 

Category