প্ৰসংগঃ অনুষ্কা শইকীয়াৰ মৃত্যুৰ ৰহস্য, বনকৰা মহিলা জুনু বৰাক লৈ নতুন তথ্য.........

ghy

প্ৰসংগঃ অনুষ্কা শইকীয়াৰ মৃত্যুৰ ৰহস্য
বনকৰা মহিলা জুনু বৰাক লৈ নতুন তথ্য
মহিলাগৰাকীৰ ঘৰ যোৰহাটত
পূৰ্বৰে পৰা চিনাকি অনুষ্কাৰ মাতৃৰে
ধেমাজিত তাঁতশালৰ কাম কৰিবলৈ যাওঁতেই চা-চিনাকি
অনুষ্কাৰ মাতৃৰ আগ্ৰহতে গুৱাহাটীলৈ আহে জুনু বৰা
অনুষ্কাৰ সৈতেই থাকিবলৈ লয় মহিলাগৰাকীয়ে

অনুষ্কাৰ মৃত্যুক লৈ সাঙোৰ খাইছে মহিলাগৰাকীৰ নাম
অনুষ্কাৰ মাতৃৰ গুৰুতৰ অভিযোগ ঘৰৰ মালিক আৰু জুনু বৰাৰ বিৰুদ্ধে
দুয়োৰে বিৰুদ্ধে হত্যাৰ অভিযোগ আনিলে অনুষ্কাৰ মাতৃয়ে
ঘৰৰ মালিক ৰমেশ ভৰালী, জুনু বৰাৰ অবৈধ সম্পৰ্কও আহিছে পোহৰলৈ
মালিকৰ আচৰণ-ব্যৱহাৰক লৈ অশ্বস্তিত আছিল অনুষ্কা
প্ৰায়েই নিশা অনুষ্কাৰ কোঠালীৰ দুৱাৰত টোকৰ মাৰিছিল ৰমেশ ভৰালীয়ে
মালিকৰ বিষয়ে মাতৃক কেইবাবাৰো অৱগত কৰিছিল অনুষ্কাই
বিস্ফোৰক মন্তব্য অনুষ্কাৰ মাতৃৰ
বনকৰা মহিলা জুনু বৰাৰে মিলি মালিকে হত্যা কৰিলে অনুষ্কাক

উল্লেখনীয় যে দেওবাৰে মহানগৰীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। অমৃত উদ্যানৰ সন্মুখৰ পৰা ভাৰাঘৰত উদ্ধাৰ হয় অনুষ্কা শইকীয়া নামৰ ধেমাজিৰ যুৱতীগৰাকীৰ মৃতদেহ। বিউটিচিয়ান হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী। এবছৰ পূৰ্বে গুৱাহাটীলৈ অহা যুৱতীগৰাকীৰ মৃত্যুৰ পৰিস্থিতিক লৈ ৰহস্যৰ সৃষ্টি হয়। নামঘৰ পথৰ ৩ নং ঘৰত ভাৰাতীয়া হিচাপে আছিল অনুষ্কা শইকীয়া। 

আৰক্ষীক দিয়া ভাষ্য মতে, জুনু বৰা নামৰ বনকৰা মহিলাগৰাকীয়ে প্ৰথমতে চিপ লোৱা অৱস্থাত যুৱতীগৰাকীক প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে ইতিমধ্যে জুনু বৰাক আটক কৰি সোধা–পোছা কৰিছে। এই মৃত্যুক লৈ ৰহস্য বৃদ্ধি পায় যেতিয়া জুনু বৰা নামৰ মহিলাগৰাকীৰ লগত ঘৰটোৰ মালিক ৰমেশ ভৰালীক অবৈধ সম্পৰ্কৰ তথ্য পোহৰলৈ আহে। অনুষ্কাই এই সম্পৰ্কৰ বিষয়ে জানিছিল। আৰক্ষীয়ে এই দিশটোও বৰ্তমান তদন্ত কৰি আছে। ইফালে, আন এক সূত্ৰই জনোৱা মতে প্ৰেমিক ৰাহুল শইকীয়াৰে কোনো কথাত কাজিয়াৰ সূত্ৰপাত হৈছিল অনুষ্কাৰ। এনে পৰিপ্ৰেক্ষিতত অনুষ্কাৰ প্ৰেমিক ৰাহুলকো আৰক্ষীয়ে সোধা-পোছা কৰিব।  
 

Category