"আউসীৰ জোন মোৰ সমুখতে, সেমেকা চকুলো দুগালতে"..সকলোৰে প্ৰিয় এটি গীত! আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ওপজা দিন..........

Zubeen Garg

অসমীয়াৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি ৫১ বছৰীয়া ওপজা দিন। জীৱনৰ ৫১টা বসন্ত অতিক্ৰম কৰিলে প্ৰিয় শিল্পীগৰাকীয়ে। অন্য বাৰৰ দৰে এইবাৰো ওপজা দিন উদযাপনৰ উদ্দেশ্যে মাজনিশা অনুৰাগীয়ে ভিৰ কৰিলে কাহিলিপাৰাস্থিত বাসগৃহ। 

১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। বৰ্তমানলৈকে প্ৰায় ৩৫ হাজাৰ গীতত কণ্ঠদানেৰে জুবিনে অভিলেখ সৃষ্টি কৰিছে অসমৰ সংগীত জগতত। তেওঁ অসমীয়া, হিন্দী, বঙালীকে ধৰি বিভিন্ন ভাষা আৰু উপ-ভাষাত প্ৰায় ৯,০০০তকৈ অধিক গীতত কন্ঠদান কৰিছে। লগতে দাক্ষিণাত্যৰ একাধিক ভাষাতো শিল্পীগৰাকীয়ে কণ্ঠদান কৰিছে।

জুবিনৰ প্ৰথমটো এলবাম ‘অনামিকা’ ১৯৯২ চনত মুক্তি লাভ কৰে। ইয়াৰ লগে লগেই তেওঁ পেছাদাৰী সংগীত জগতখনত সোমাই পৰে। অভিনেতা,সংগীত পৰিচালক,ছবি পৰিচালক হিচাপেও তেওঁৰ আছে ঈৰ্ষণীয় সফলতা। যি সফলতাৰ বাবে আজি তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষৰ আসনত অধিষ্ঠিত হৈ আছে।

উল্লেখ্য যে, "Echoes of Silence" (ইংৰাজী-খাচী ভাষাৰ গীত)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা লাভ কৰে। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছা অসম বঁটা আগবঢ়োৱা হয়। ২০২১ চনত তেওঁলৈ প্ৰথম চুকাফা বঁটা আগ‍বঢ়োৱা হয়।   

Category
Profile picture for user UB Photos