সাৱধান! আকৌ নতুন ৰূপত ক'ৰণা, পোহণীয়া মেকুৰীবোৰক লৈ সতৰ্কবাণী.......

Covid

আকৌ এবাৰ নতুন ৰূপত ক'ৰণা ভাইৰাছ। মেকুৰী পোহা সকললৈ সতৰ্কবাণী জাৰি কৰিছে বিজ্ঞানীয়ে। এবিধ নতুন ক’ৰণা ভাইৰাছৰ প্ৰজাতিক লৈ এই সতৰ্কবাণী জাৰি কৰা হৈছে। চাইপ্ৰাছ দ্বীপৰ পৰিস্থিতিক লৈ সাৱধান হোৱাৰ আহ্বান।

জানিব পৰা মতে, ইতিমধ্যেই হাজাৰ হাজাৰ মেকুৰীৰ মৃত্যু হৈছে চাইপ্ৰাছ দ্বীপত। মেকুৰীৰ মৃত্যুৰ মূল কাৰণ এবিধ নতুন উৎপৰিৱৰ্তিত ক'ৰণা ভাইৰাছ। ভিন্ন জীৱ-জন্তুৰ মাজত ক'ৰণাৰ সংক্ৰমণৰ স্পষ্ট নজিৰ।

বায়’ আৰ এক্স ফাইভ গৱেষণা জাৰ্নেলত সৱিশেষ প্ৰকাশ কৰা হৈছে। ছায়েন্স জাৰ্নেলতো সতৰ্কবাণী জাৰি কৰিছে বিজ্ঞানী মহলে।

কুকুৰক সংক্ৰমিত কৰা প্ৰজাতিৰ মেকুৰীৰ দেহত উৎপৰিৱৰ্তন। ক্ৰমান্বয়ে চাইপ্ৰাছৰ পৰা অন্য দেশলৈও বিয়পিছে এই সংক্ৰমণ। কুকুৰৰ পৰা মেকুৰীলৈ সংক্ৰমণ সম্ভৱ হোৱাটোৱেই শংকাৰ কাৰণ। মেকুৰী অধিক সময় মানুহৰ সংস্পৰ্শত থাকে। মেকুৰীৰ পৰাও মানুহৰ দেহলৈও সংক্ৰমিত হোৱাৰ সম্ভাৱনা স্পষ্ট।

Category