দেশৰ দুখনকৈ ৰাজ্যত আজি ভোটযুদ্ধ! পুৱাৰে পৰা মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ আৰম্ভ ভোটগ্ৰহণ.......

Election

আজি পুৱাৰ পৰা দেশৰ দুই ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধ। মধ্য প্ৰদেশত পুৱা ৭ বজাৰ পৰা  আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ বিপৰীতে চত্তীশগড়ত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱা ৮ বজাৰ পৰা।

মধ্যপ্ৰদেশত ২৩০খন আসনৰ বাবে ২,৫৩৩গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ছত্তীশগড়ত ৭০টা সমষ্টিত ৯৫৮গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ নৱেম্বৰত ২০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল।

উল্লেখ্য যে, চত্তীশগড়ত ২২ খন জিলাত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন সন্ধিয়া ৫ বজালৈ চলিব। ছত্তীশগড়ৰ ৭০ খন আসনৰ ভিতৰত ৯ খন এছচি আৰু ১৭ খন এছটিৰ বাবে সংৰক্ষিত। ৭০ খন আসনত মুঠ ১.৬৩ কোটি ভোটাৰ আছে, যাৰ ভিতৰত ৮১.৪২ লাখ পুৰুষ ভোটাৰ আৰু ৮১.৭২ লাখ মহিলা ভোটাৰ। আনহাতে তৃতীয় লিংগৰ ৬৮৪ জন ভোটাৰ আছে।

আনহাতে, ৫.৬ কোটি জনতাই নিৰ্য়ণ কৰিব মধ্যপ্ৰদেশৰ ৰাজনৈতিক ভৱিষ্যৎ। এই দুয়োখন ৰাজ্যতে বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজ হোৱাৰ সম্ভাৱণা আছে। দুয়োটা দলেই জয়ী হ'ব বুলি দাবী কৰিছে। এই নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত ঘোষণা হ'ব।

Category