শিশু দিৱসৰ দিনাই মহানগৰীত এক বিক্ষিপ্ত ঘটনা! এইবাৰ পকেট মাৰৰ ৰূপত শিশুৰ গেং......

Ghy

আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে শিশু দিৱস। এই শিশু দিৱসৰ মাজতে শিশুৰ দ্বাৰা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক বিক্ষিপ্ত ঘটনা। এইবাৰ মহানগৰীত পকেট মাৰৰ ৰূপত ঘূৰি ফুৰিছে শিশুৰ গেং। এই গেঙটোৰ টাৰ্গেট পথচাৰী। মঙলবাৰে ভঙাগড়ত সংঘটিত হৈছে শিশু পকেটমাৰ গেংৰ লুট-পাত।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, শিশু গেংটোৰ লগত আছিল তিনি চাৰি গৰাকী‌ মহিলা আৰু কেইবাটাও শিশু। ইতিমধ্যেই স্থানীয় ৰাইজে আটক কৰে ৯ বছৰীয়া এগৰাকীৰ কিশোৰীক, কিন্তু গেংটো বাকী সদস্য পলাই যাবলৈ সক্ষম হয় । আটক কৰা কিশোৰী গৰাকীৰ পেন্টৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩৬ হাজাৰ ৫০ টকা।

বৰ্তমান ভঙাগড় আৰক্ষী থানাত আছে আটক কৰা কিশোৰী গৰাকী। কিছু সময়ৰ পাছতেই Child Welfare Center লৈ প্ৰেৰণ কৰা হ'ব আটক কৰা কিশোৰী গৰাকীক।

উল্লেখ্য যে, একাংশ শিশুই মহানগৰীত সংঘটিত কৰি গৈছে পকেটমাৰৰ ঘটনা। এই শিশুসকলৰ আঁৰত তৃতীয় ব্যক্তি জড়িত থকাৰ সন্দেহ। সম্ভৱত এই তৃতীয় লোকৰ কথা মতেই এই শিশুসকলে মহানগৰীত চুৰি কাৰ্য চলায়।

Category
Profile picture for user UB Photos