NCERT-ৰ পাঠ্যক্ৰমত 'India'ক বিদায় আৰু 'ভাৰত'ক আদৰণি......

India

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ NCERT এ পাঠ্যপুথিত ‘India’ৰ পৰিৱৰ্তে ‘ভাৰত’ ৰখাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে উচ্চস্তৰীয় কমিটীয়ে। আনহাতে, পাঠ্যক্ৰমত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘Classical History’ৰ প্ৰৱৰ্তন কৰিব লাগে- এই পৰামৰ্শ দিছে সমাজ বিজ্ঞানৰ বাবে NCERTএ গঠন কৰা এক উচ্চ পৰ্যায়ৰ পেনেলে।

উল্লেখযোগ্য যে, সমিতিখনৰ অধ্যক্ষ চি আই ইছাকে এই সালসলনিসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি ইয়াৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰে। পেনেলে সকলো বিষয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱো দাঙি ধৰিছে। 

india

আনহাতে, NCERTৰ বিষয়াসকলে অৱশ্যে কয় যে পেনেলৰ পৰামৰ্শৰ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই। “সমিতিয়ে সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিছে যে ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিত ‘ভাৰত’ নামটো ব্যৱহাৰ কৰিব লাগে। আমি পাঠ্যপুথিত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ধ্ৰুপদী ইতিহাস’ৰ প্ৰৱৰ্তনৰ পৰামৰ্শও দিছো।"- বুলি ইজাকে PTIক জনায়।
 

Category
Profile picture for user UB Photos