
আমি প্ৰায়ে পাৰিবাৰিক কন্দলৰ বাবেই জঘন্য ঘটনা হোৱাৰ খবৰ শুনিবলৈ পাওঁ। থিক তেনেদৰেই পুনৰ ডিগবৈত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।
উল্লেখ্য যে, আকৌ এবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। ডিগবৈৰ পানীখোৱাত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ বাবেই পাষাণ পুত্ৰই কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক। আনহাতে, হত্যাকাৰী পুত্ৰ ৰাজু ছাহানী বুলি জানিব পৰা গৈছে। ইতিমধ্যেই হত্যাকাৰী পুত্ৰ ৰাজু ছাহানীক আটক কৰিছে আৰক্ষীয়ে।
আনহাতে, ৰূপ সিং ছাহানীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
- Log in to post comments