দুগৰাকী মহিলাৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হোৱাৰ বাবে দলৰ পদবী হেৰুৱাব লগীয়া হ'ল বিজেপি নেতাই! এই ঘটনা এখন অসমৰে....

dadhiram

এটাৰ পাছত আনটো কেলেংকাৰী বিজেপি নেতাৰ। এইবাৰ বিবাহিক বিজেপি নেতাই একে সময়তে দুগৰাকী মহিলাৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হৈ হেৰুৱাইছে দলৰ পদবী। পৰকীয়া প্ৰেমত লিপ্ত হোৱাৰ বাবেই বাঘমৰা মণ্ডল সভাপতি পদৰ পৰা দধীৰাম শৰ্মাক অব্যাহতি দিব লগা হৈছে বিশ্বনাথ জিলা বিজেপিৰ সভাপতিয়ে। 

উল্লেখ্য যে, একে সময়তে দুগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল দধীৰাম শৰ্মাৰ। পত্নী আৰু সন্তানৰ অজ্ঞাতে প্ৰেমিকাক লৈ গুৱাহাটীৰ দুখন বিশেষ হোটেলত প্ৰায়েই থাকি গৈছিল দধীৰাম শৰ্মাই। কিন্তু শৰ্মাৰ এই কাণ্ড গম পোৱা মাত্ৰকে গুৱাহাটীলৈ আহি প্ৰথম প্ৰেমিকাই মহিলা মৰ্চাৰ বাঘমৰা মণ্ডলৰ এগৰাকী কৰ্মীৰ সৈতে হাতে–লোতে ধৰা পেলালে দধীৰামক। লগে লগে হোটেলৰ পৰা পলাল দধীৰাম। 

dadhi

দধীৰামক নাপাই হোটেলৰ কোঠাতে মহিলা মৰ্চাৰ বাঘমৰা মণ্ডলৰ কৰ্মীগৰাকীৰ সৈতে এখুন্দা লাগিল প্ৰথম প্ৰেমিকাই। দুৰ্বাদল কাজিয়াৰ পাছত দধীৰামৰ মোবাইলকে ধৰি একাধিক সামগ্ৰী লৈ খঙতে হোটেল এৰিলে প্ৰথম প্ৰেমিকাই।

এইবাৰ বিজেপি নেতা দধীৰামক ৰক্ষণাবেক্ষণ দিবলৈ ঘটনাত এণ্ট্ৰি মাৰিলে বিশ্বনাথ জিলাৰ বিজেপিৰ মহিলা মৰ্চাৰ উপ সভানেত্ৰীয়ে। ক্ষুব্ধ প্ৰথম প্ৰেমিকাৰ তেজপুৰৰ ঘৰত দধীৰামক সন্মুখা–সন্মুখিকৈ বহুৱালে নেত্ৰীগৰাকীয়ে। তাতো প্ৰেমিকাৰে তৰ্কাতৰ্কি লাগিল দধীৰামৰ। মধ্যস্থতা কৰা বিজেপি নেত্ৰীগাৰাকীয়ে চৰ্ত বান্ধি দিও ক্ষান্ত কৰিব নোৱাৰিলে দুয়োকে।

প্ৰেমিক–প্ৰেমিকা ক্ষান্ত হোৱাৰ বিপৰীতে ভাইৰেল হ’ল বিজেপি নেত্ৰীৰ উপস্থিতিত প্ৰেমিকাৰ সৈতে দধীৰামৰ কাজিয়া। ছচিয়েল মিডিয়াত প্ৰেমিকাৰে দধীৰামৰ কাজিয়াৰ দৃশ্য ভাইৰেল হোৱাৰ লগে লগে বিহালীৰ বাঘমৰা মণ্ডল সভাপতি পদৰ পৰা দধীৰাম শৰ্মাক অব্যাহতি দিব লগা হ’ল বিশ্বনাথ জিলা বিজেপিৰ সভাপতিয়ে। ইন্দ্ৰাণী কাণ্ডৰ গ্লানি আঁতৰাই ঠন ধৰি উঠিব খোজা বিজেপি নেতৃত্বক কাজেই আন এক ধাক্কা দিলে বিশ্বনাথৰ এই লজ্জাজনক ঘটনাই।

Category
Profile picture for user UB Photos