চাকৰি কৰা প্ৰতিগৰাকী লোকে নিজৰ দৰমহা পাবলৈ আগ্ৰহেৰে বাট চাই থাকে। সেই দৰমহাৰে সেই লোকজনৰ ঘৰে চলে আৰু পৰিয়ালৰ আনবোৰ প্ৰয়োজন পূৰণ কৰে। কিছুমানে এই দৰমহাৰ পৰা সঞ্চয়ো কৰে কিন্তু বহু লোকৰ নিজৰ খৰচ বাঢ়ি যোৱাৰ ফলত সঞ্চয় কৰিব নোৱাৰে। আজি আমি জ্যোতিষশাস্ত্ৰৰ এনেকুৱা এটা উপায় কম, যিটো উপায় কৰিলে আপোনাৰ ঘৰত ধন-সমৃদ্ধি প্ৰৱাহ বৃদ্ধি হৈ গৈয়ে থাকিব।
আহক জানো কি কি এই ৩টা কাম -
১. দৰমহা পোৱাৰ লগে লগে কৰক দান-পুণ্য -
জ্যোতিষীসকলৰ মতে ধৰ্ম শাস্ত্ৰত দানক আটাইতকৈ ডাঙৰ পুন্য কৰ্ম বুলি গণ্য কৰা হয়। কোৱা হয় যে যিসকল লোকে নিয়মিতভাবে দান কৰে। তেওঁলোক জন্ম-মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ মুক্তি লাভ কৰে। সেইবাবে যেতিয়াও আপোনাৰ ওচৰত টকাৰ আগমণ হয় তেতিয়া তাৰে পৰা উচিত মাত্ৰাত দান নিশ্চয় কৰিব লাগে। এনেকুৱা কৰিলে শুভ ফল লাভ কৰে। দৰমহা পোৱাৰ লগে লগে আপুনি কোনো দৰিদ্ৰ লোকক খাদ্য বা কাপোৰ দান কৰিব লাগে। এনেকুৱা কৰিলে আপোনাৰ ঘৰত খাদ্যৰ ভাণ্ডাৰ ভৰি থাকে।
২. গো মাতাক খুৱাওক ৰুটী-ভাত -
দৰিদ্ৰক দান কৰাৰ লগতে আপুনি আপোনাৰ দৰমহাৰে কিনা আটাৰে বা চাউলেৰে ৰুটী বনাই বা ভাত ৰান্ধি গৰুক খুওৱাব লাগে। লগতে তাৰ বাবে দানাৰ উচিত ব্যৱস্থা কৰিব লাগে। এনেকুৱা কৰিলে ভগৱান শ্ৰীকৃষ্ণ যথেষ্ট সন্তুষ্ট হয় আৰু জাতকে ভগৱানৰ কৃপা লাভ কৰে। গো মাতাক ৰুটি বা ভাত খুৱালে যথেষ্ট পুন্য লাভ হয়।
৩. চৰাইৰ বাবে ৰাখক আহাৰ-পানী -
এয়াই নহয়, দৰমহা পোৱাৰ পিছত আপুনি সেই ধনেৰে চাউল ক্ৰয় কৰি চাদত নিশ্চয় ৰাখিব লাগে, যাৰ দ্বাৰা চৰাই-চিৰিকটীৰ পেট ভৰিবলৈ খাদ্য লাভ কৰে। লগতে সেইবোৰ চৰাইৰ বাবে চাদত পানী থোৱাৰো ব্যৱস্থা গ্ৰহণ কৰক। সেই অমাতা জীৱ-জন্তুক খাদ্য-পানীৰ ব্যৱস্থা কৰিলে শুভ ফল লাভ হয়, যাৰ ফলত জীৱনত উন্নতিৰ পথ নিজে নিজেই মুকলি হ’বলৈ ধৰে।
- Log in to post comments