বাস্তু শাস্ত্ৰ মানি আপোনিও ধনী হ'ব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আজিয়ে ঘৰলৈ আনক এই ৪ জোপা গছ! পিছে জানো আহক কি কি গছ?

vastu tips

বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ দিশক কোৱা হয় ধনকুবেৰৰ দিশ। এই দিশত বিশেষ কিছুমান গছ থ’লে ঘৰত টকাৰ অভাৱ নহয়! আয় বাঢ়ে লগতে হয় উন্নতি, এই মত বাস্তু বিশেষজ্ঞসকলৰ।

আহক জানো কি কি এই ৪ জোপা গছ, যিয়ে আপোনাৰ ঘৰলৈ লৈ আহিব ধন-সম্পত্তি -


১. মানি প্লাণ্ট -

MONEY

 

এই ৪ জোপা গছৰ ভিতৰত প্ৰথমে নাম আহে মানি প্লাণ্টৰ। উত্তৰ দিশত মুখ কৰি পানীসহ এটা স্বচ্ছ কাচৰ পাত্ৰত এই গছ ৰাখি থওক। এই গছে চুম্বকৰ দৰে টকা-পইচা আকৰ্ষণ কৰে। মনত ৰাখিব এই গছজোপাৰ পাত শুকাই গ’লে গছজোপা সলনি কৰিব লাগে!

২. তুলসী গছ -

TULSI

 

ঘৰৰ উত্তৰ দিশে তুলসী গছ ৰাখক। বেয়া হাত বা কাপোৰেৰে এই গছ স্পৰ্শ নকৰিব। তুলসী গছ থকা ঠাই সদাই পৰিষ্কাৰ কৰি ৰাখিব লাগে। মা লক্ষ্মীৰ কৃপাত কেতিয়াও অৰ্থৰ অভাৱ নহ’ব!

৩. বাঁহৰ পুলি -

LUCKY

 

ঘৰৰ উত্তৰ দিশে বাঁহৰ পুলি ৰাখক। ঘৰ আৰু সংসাৰক ৰক্ষা কৰে এই গছে! সকলো প্ৰকাৰৰ অশুভ প্ৰভাৱৰ পৰা পৰিয়ালক ৰক্ষা কৰে। এই গছ ঘৰত থাকিলে আনন্দ আৰু শান্তি বিৰাজ কৰে সংসাৰত।

৪. এজোপা কল গছ -

Banana

 

ঘৰত এজোপা কল গছ লগাই যথাযথভাৱে পূজা কৰিলে ভগৱান বিষ্ণুৰ কৃপা পোৱা যায়। কেৱল সেয়াই নহয়, মা লক্ষ্মীৰ আশীৰ্বাদ সদায় সেই ঘৰৰ ওপৰত থাকে। ঘৰত আৰ্থিক স্বচ্ছলতা দেখা দিয়ে। কল গছ ঘৰৰ উত্তৰ দিশে ৰাখিব লাগে। প্ৰতি বৃহস্পতিবাৰে গছজোপাৰ তলত বন্তি জ্বলাব লাগে।


 

Category
Profile picture for user UB Photos