চন্দ্ৰমাৰ শীতল কোলাত গভীৰ নিদ্ৰাত প্ৰজ্ঞান! তাৰ মাজতে চন্দ্ৰৰ বুকুত চমক দেখুৱালে বিক্ৰমে......

ISRO

ISROৰ যোগেদি ভাৰতৰ চন্দ্ৰযান–৩য়ে প্ৰেৰণ কৰিছে আন এক ভাল খবৰ। চন্দ্ৰপৃষ্ঠত পুনৰ এবাৰ ছফ্ট লেণ্ডিং কৰিলে লেণ্ডাৰ বিক্ৰমে। দ্বিতীয়বাৰলৈ ছফ্ট লেণ্ডিং কৰিলে লেণ্ডাৰ বিক্ৰমে। ISRO–এ ইয়াৰ জৰিয়তে এক উল্লেখযোগ্য প্ৰাপ্তি লাভ কৰিলে। এই ছফ্ট লেণ্ডিঙে ভাৰতৰ প্ৰযুক্তিগত দক্ষতা আৰু বিজ্ঞানীসকলৰ সামৰ্থ্যক পুনৰ এবাৰ প্ৰমাণ কৰিলে। এই কথা ISROৰ বিজ্ঞানীসকলে পূৰ্বে জনোৱা নাছিল। কিন্তু এতিয়া এই সম্পৰীক্ষা সফল হৈছে।

উল্লেখ্য যে, বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত পুনৰ এবাৰ ৪০ ছেণ্টিমিটাৰ উপৰলৈ উঠে আৰু ৩০ৰ পৰা ৪০ ছেণ্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰে। ISROৱে টুইট যোগে কয় যে বিক্ৰমে পুনৰ ছফ্ট লেণ্ডিং কৰিছে। বিক্ৰম লেণ্ডাৰে নিজৰ মিছন অবজেক্টিভতকৈ অধিক কাম কৰিলে। 

জানিব পৰা মতে, কমাণ্ড দিয়াৰ পিছত বিক্ৰমৰ ইঞ্জিন অন হয়। ইয়াৰ পিছত শূন্যত ৪০ ছেণ্টিমিটাৰ ওপৰলৈ যায় আৰু পুৰণি স্থানতকৈ ৩০–৪০ ছেণ্টিমিটাৰ নিলগত ছফ্ট লেণ্ডিং কৰে। এই বিষয়টো এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ ফলত ভৱিষ্যতে চন্দ্ৰপৃষ্ঠৰ পৰা চেম্পল আনিবলগীয়া মিছন আৰু মানৱ মিছন সফল হ’ব পাৰে।

ISRO

বৰ্তমান বিক্ৰম লেণ্ডাৰৰ সকলো অংশ আৰু যন্ত্ৰই সঠিকভাৱে কাম কৰি আছে। এই উৰণৰ পূৰ্বে বিক্ৰম লেণ্ডাৰৰ ৰেম্প, পে’লোডছ বন্ধ কৰি দিয়া হৈছিল। দ্বিতীয়বাৰ ছফ্ট লেণ্ডিঙৰ পিছত পুনৰ খুলি দিয়া হৈছে। ইয়াৰ পূৰ্বে চন্দ্ৰযান–৩ৰ প্ৰজ্ঞান ৰ’ভাৰক চন্দ্ৰপৃষ্ঠত সুৰক্ষিত স্থানত শ্লীপ ম’ডত পাৰ্ক কৰা হৈছে। পুনৰ সূৰ্যৰ কিৰণ পোৱাৰ লগে লগে পুনৰ প্ৰজ্ঞানে সক্ৰিয় হৈ উঠিব বুলি আশা কৰা হৈছে।

চন্দ্ৰপৃষ্ঠত পৰৱৰ্তী এক–দুই দিনত আন্ধাৰ নামিব। ১৪–১৫ দিনলৈ আন্ধাৰত থাকিব লেণ্ডাৰ–ৰ’ভাৰ। কিন্তু বৰ্তমান চন্দ্ৰত দিন হৈয়ে আছে আৰু সন্ধিয়া নামিবৰ হৈছে। ২৩ আগষ্টৰ সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফলভাৱে ছফ্ট লেণ্ডিং কৰিছিল চন্দ্ৰযান–৩য়ে। যি সময়ত চন্দ্ৰত সূৰ্য উদয় হৈ আছিল।

ইছৰোৱে  ছচিয়েল  মিডিয়া  প্লেটফৰ্মত  পোষ্ট  কৰি  লিখিছে,  ‘বিক্ৰম  লেণ্ডাৰে  নিজৰ  মিছনৰ  উদ্দেশ্য  পাৰ কৰিছে।  ই  সফলভাৱে  এক  হপ  এক্সপেৰিণ্টেৰ  মাজেৰে  পাৰ  হৈছে।  ইয়াৰ  ইঞ্জিন  আৰম্ভ  কৰা  হৈছিল  আৰু আশা  কৰা  ধৰণে  ই  প্ৰায়  ৪০  ছেণ্টিমিটাৰ  ওপৰলৈ  উঠি  ৩০–৪০  ছেণ্টিমিটাৰ  দূৰত  পুনৰ  চন্দ্ৰপৃষ্ঠত  লেণ্ড কৰে।’’ ইছৰোৱে কয় এই ‘কিক–ষ্টাৰ্ট’–এ ভৱিষ্যতৰ মিছন আৰু মানৱ মিছনক উৎসাহিত কৰিব।

 

Category
Profile picture for user UB Photos