আজি আকাশত দেখা যাব 'চুপাৰ ব্লু মুন'ৰ বিৰল দৃশ্য! কেতিয়া, কেনেকৈ চাব পাৰিব চন্দ্ৰৰ অনন্য ৰূপ?.......

moon

৩০ আগষ্ট অৰ্থাৎ ৰাখী পূৰ্ণিমাৰ দিনা বিশ্ববাসীয়ে আকাশত চন্দ্ৰক এক অনন্য ৰূপত দেখিবলৈ পাব, যাক 'চুপাৰ ব্লু মুন' বুলি কোৱা হয়। এই  'চুপাৰ ব্লু মুন'ৰ দিনা জোনটো অন্য দিনতকৈ উজ্বল আৰু ডাঙৰ হয়। গড় হিচাপত, চুপাৰমুন নিয়মীয়া চন্দ্ৰতকৈ ১৬ শতাংশ উজ্জ্বল হয়। আগষ্ট মাহত দুটা পূৰ্ণিমা হোৱাৰ বাবে আশাত নীলা চন্দ্ৰ (ব্লু মুন) দেখা যাব।

moon

আনহাতে, এমাহত পূৰ্ণিমা দুবাৰ পৰিলে, দ্বিতীয় পূৰ্ণিমাৰ দিনা ওলোৱা চন্দ্ৰক নীলা চন্দ্ৰ বা ব্লু মুন (Blue Moon) বুলি কোৱা হয়। এই মাহৰ প্ৰথম পূৰ্ণিমা ১ আগষ্টত আছিল আৰু দ্বিতীয়টো পূৰ্ণিমা ৩০ আগষ্টত হ'ব। সমগ্ৰ বিশ্বই আজি এই চন্দ্ৰটো দেখা পাব। আজিৰ আকাশৰ চন্দ্ৰৰ আকাৰ ১৪ শতাংশ ডাঙৰ হ'ব। এই ঘটনাৰ প্ৰতি ২-৩ বছৰৰ মূৰে মূৰে পুনৰাবৃত্তি হয়।

moon

মন কৰিবলগীয়া যে, ব্লু মুনৰ অৰ্থ এইটো নহয় যে চন্দ্ৰ নীলা দেখা যাব। প্ৰকৃততে ইয়াৰ ৰঙৰ কোনো সলনি নহয় অথবা ৰঙৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। অৱশ্যে বায়ুমণ্ডলীয় ঘটনাৰ বাবে কেতিয়াবা চন্দ্ৰৰ ৰং নীলা দেখা যায়। চুপাৰ ব্লু মুন এই বছৰত এতিয়ালৈকে দৃশ্যমান হ’ব লগা তৃতীয়টো সৰ্ববৃহৎ চন্দ্ৰ।

moon

আজি সূৰ্যাস্তৰ ঠিক পিছতে গধূলিৰ সময়ত পূৰ্ণিমা চন্দ্ৰ চোৱাৰ সৰ্বশ্ৰেষ্ঠ সময়। ব্লু চুপাৰ মুন আজি সন্ধিয়া ৭ বাজি ৩০ মিনিটত দেখা পোৱা যাব, যিয়ে গোটেই সন্ধিয়া ইয়াৰ উজ্জ্বলতা প্ৰশস্ত কৰিব। আনহাতে, বুধবাৰে নিশা ৯ বাজি ৩০ মিনিটত ব্লু মুনে ইয়াৰ সৰ্বাধিক উজ্জ্বলতা প্ৰাপ্ত কৰিব।


 

Category
Profile picture for user UB Photos