ভাৰতৰ 'চন্দ্ৰযান-৩' ৰ সৈতে জড়িত বিশ্বনাথৰ বিজ্ঞানী উদ্দীপনা কলিতা, জীয়ৰীক লৈ গৌৰৱাম্বিত পিতৃ...

biswanath

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছতে ফোন আহিল জীয়ৰীৰ 'দেউতা মোৰ কাম শেষ। তোমাক কথা দিছিলো আৰু মোৰ কথা ৰাখিলো।' যিসময়ত দেশবাসী ইছৰোৰ বিজ্ঞানীসকলৰ সফলতাত গৌৰৱাম্বিত হৈ পৰিছিল সেই সময়তে ইছৰোৰ পৰা এগৰাকী বিজ্ঞানীয়ে ফোন কৰি জামুগুৰিহাটৰ পিতৃক এইদৰে কৈছিলি।

ভাৰতে চন্দ্ৰপৃষ্ঠত soft landing কৰা চতুৰ্থতম দেশ হোৱাৰ লগতে ইয়াৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ ভিতৰত প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। এই ঐতিহাসিক সফলতাৰ আঁৰত ISROৰ প্ৰতিগৰাকী বিজ্ঞানী আৰু চন্দ্ৰযান-৩ৰ সৈতে জড়িত আন বহুতো ব্যক্তি আছে। 

biswanath

ISROৰ বিজ্ঞানীসকলৰ ভিতৰত অসমৰ কেইবাগৰাকী বিজ্ঞানীও আছে। চন্দ্ৰযান-৩ৰ অভিযানৰ দায়িত্বত থকা অসমৰ কেইবাগৰাকী বিজ্ঞানীৰ ভিতৰত জামুগুৰিহাটৰ বিজ্ঞানী উদ্দীপনা কলিতা অন্য এটা নাম।

দেশৰ এই গৌৰৱত সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে। দেশবাসীৰ মন এতিয়া আনন্দ–উল্লাসেৰে ভৰি পৰিছে। অৱশ্যে, দেশৰ এই সফলতা অসমৰ বাবে দুগুণ হৈ পৰিছে কিয়নো ৰাজ্যৰ কেইবাগৰাকী বিজ্ঞানী এই সফল মিছনৰ অংশ হৈছে। লখিমপুৰৰ চয়ন দত্ত, শিলচৰৰ ৱাই বিশাল সিংহ, তিনিচুকীয়াৰ নিধি শৰ্মা আৰু বিশ্বনাথৰ উদ্দীপনা কলিতাই চন্দ্ৰযান-৩ৰ ভিন্ন দলৰ অংশ আছিল।

ISROৰ এই চন্দ্ৰ অভিযানত জড়িত থকা বিজ্ঞানী উদ্দীপনা কলিতা বিশ্বনাথৰ জামুগুৰিহাটৰ জীয়ৰী। বিজ্ঞানী উদ্দীপনা জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিবাসী সুৰেন কলিতাৰ কন্যা। চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছত জামুগুৰিহাটৰ ISROৰ বিজ্ঞানী উদ্দীপনাৰ ঘৰতো এতিয়া এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। 

Category
Profile picture for user UB Photos