প্ৰসংগঃ ২০০৪ৰ ধেমাজি বিস্ফোৰণ; বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ....

Dhemaji

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি কলেজ পেৰেড গ্ৰাউণ্ডত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। স্বাধীনতা দিৱসৰ দিনা বোমা বিস্ফোৰণ ঘটাইছিল আলফাই। সেই বিস্ফোৰণত ১৮টি কণ কণ শিশুৰ মৃত্যু হৈছিল। 

উল্লেখ্য যে, বিগত ২০ বছৰে ধেমাজি বোমা বিস্ফোৰণত জড়িতসকলক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব বুলি আশা কৰিছিল ৰাজ্যবাসীয়ে। কিন্তু দীৰ্ঘদিনীয়া শুনানিৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিস্ফোৰণত জড়িত সকলো অভিযুক্তকে দোষমুক্ত ঘোষণা কৰিলে। 

ন্যায়ালয়ৰ এই ৰায়ে হতভম্ব কৰি তুলিছে ৰাজ্যবাসীক। কিয়নো ধেমাজি পেৰেড গ্ৰাউণ্ডত উলহ–মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণত ৰক্তাক্ত হৈছিল পেৰেড গ্ৰাউণ্ড। ছিন্ন–ভিন্ন হৈ পৰিছিল পেৰেড গ্ৰাউণ্ডত উপস্থিত থকা বহু ছাত্ৰ–ছাত্ৰী আৰু অভিভাৱকৰ দেহ।

dhemaji

 

আনহাতে, আলফাই এই বিস্ফোৰণ সংঘটিত কৰা বুলি স্বীকাৰো কৰিছিল। তাৰ পাছতো বৃহস্পতিবাৰে ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

নিম্ন আদালতৰ ৰায়দানক প্রত্যাহ্বান জনাই হাই কৰ্টৰ দ্বাৰস্থ হৈছিল আবেদনকাৰী। ২৪ জুলাইত গোচৰটোৰ চূড়ান্ত শুনানি গ্রহণ কৰিছিল উচ্চ ন্যায়ালয়ে।

মুঠ ৬ অভিযুক্তক দোষী সাব্যস্ত কৰিছিল নিম্ন আদালতে। দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী,লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। প্রশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। কেওজন অভিযুক্তকে আজি দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
 

Category
Profile picture for user UB Photos