চন্দ্ৰযান–৩ৰ সফলতা নিৰ্ভৰ শেষৰ ১৫ মিনিটৰ ভিতৰত! ইয়াক ISROৰ প্ৰাক্তন অধ্যক্ষই কি বুলি আখ্যা দিছে? সবিশেষ জানো আহক.......

ISRO

মাত্ৰ কেইটামান ক্ষণৰ অপেক্ষা। ভাৰতৰ চন্দ্ৰযান–৩ৰ সফলতা নিৰ্ভৰ কৰিছে  শেষৰ ১৫ মিনিটৰ ভিতৰত। কাৰণ, এই সময়খিনিত প্ৰযুক্তিগতভাৱে গতি নিয়ন্ত্ৰণ কৰি ছফ্ট লেণ্ডিঙৰ চেষ্টা কৰিব লেণ্ডাৰ ‘বিক্ৰম’–এ। ISROৰ প্ৰাক্তন অধ্যক্ষই যাৰ বিৱৰণ দিছে ‘টেৰৰ অব ১৫ মিনিটছ’ বুলি।

ISRO

আজি সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা চন্দ্ৰযান–৩য়ে। যি মাহেন্দ্ৰক্ষণৰ দিশে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্বই। ঠিক এই সময়খিনিতে গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি বিফল হৈছিল চন্দ্ৰযান–২। আনকি ৰাছিয়াৰ লুনা–২৫য়েও অন্তিম মুহূৰ্তৰ গতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে।

চন্দ্ৰৰ কক্ষপথত দ্বিতীয় আৰু অন্তিম ডিবুষ্টিং প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰিছে চন্ত্ৰযান–৩য়ে। যেতিয়া চন্দ্ৰপৃষ্ঠৰ পৰা লেণ্ডাৰ বিক্ৰমে ৩০ কিলোমিটাৰ দূৰত্বত থাকিব, তেতিয়া এক ‘ৰাফ ব্ৰেকিং ফেজ’ৰ মাজেৰে যাব। যি সময়ত বিক্ৰমৰ গতিবেগ ঘণ্টাত ৬০০০ কিলোমিটাৰৰ পৰা কমি শূন্যত উপনীত হ’ব।

isro

এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন হ’ব ‘লেণ্ডাৰ বিক্ৰম’ত সংযুক্ত হৈ থকা এআই ছিষ্টেমৰ জৰিয়তে। প্ৰণালীটোৱে চন্দ্ৰপৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ উচ্চতাৰ পৰা ৭.৪২ কিলোমিটাৰ উচ্চতালৈ গণনা কৰি লেণ্ডাৰৰ গতি হ্ৰাস কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াটো সমাপন হ’ব ১০ মিনিটৰ ভিতৰত। পৃথিৱীত বহি, এই সকলো নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বিজ্ঞানীসকলে। যিটো হ’ব, সেয়া স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে হ’ব।

অৱতৰণৰ সময়ত যন্ত্ৰযান–৩ৰ গতিবেগ হ’ব সৰ্বোচ্চ ১০.৮ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা ৭.২ কিলোমিটাৰ প্ৰতিঘণ্টা। ইয়াৰ উপৰি নিজৰ অৰিয়েণ্টেচনো ৯০ ডিগ্ৰী সলনি কৰিব লেণ্ডাৰে। তাৰ পিছত উলম্বভাৱে নামিব চন্দ্ৰপৃষ্ঠত।

Category
Profile picture for user UB Photos