
সকলো বস্তুৱে অতিমাত্ৰা হোৱাতো বেয়া। তেনেদৰেই অতিমাত্ৰা চেনি আমাৰ শৰীৰৰ বাবে কিমান বিপজ্জনক সেই বিষয়ে সকলোৱে জ্ঞাত।
অৱশ্যে ৰোগাক্ৰান্ত নোহোৱাকৈ জিভাৰ স্বাদ অনুসৰি চেনি খোৱাত কোনো অসুবিধাৰ কাৰণ নাই। তথাপি চেনি খোৱাৰ ক্ষেত্ৰত সকলোৱে সাৱধান অৱলম্বন কৰাটো ভাল।
বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ সকলো দেশতে বাসবাস কৰা লোকসকলৰ স্বাস্থ্য প্ৰতি চিন্তা কৰি সকলোকে চেনি খোৱাৰ পৰিমাণ হ্ৰাস কৰাৰ পৰামৰ্শ দিছে।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাই চেনিৰ লগতে নিমখ আৰু তেল খোৱাটোও কমাবলৈ পৰামৰ্শ দিছে। চেনি, নিমখ আৰু তেল প্ৰয়োজনতকৈ বেছি খালে টাইপ-২ ডায়েবেটিজ, শকত হোৱা, হাইপাৰটেনশ্যন, হাৰ্ট এটেক আৰু কিডনিৰ সৈতে জড়িত প্ৰাণনাশী বেমাৰ হ'ব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন ব্যক্তিয়ে দিনটোত কেবল ৬ চাহ চামুচ চেনি, ১ চামুচ নিমখ আৰু ৪ চামুচ পৰ্যন্ত তেল খোৱাটো উচিত।
কিন্তু ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰতিবেদনত যিধৰণৰ তথ্য পোৱা যায় সেয়া অত্যন্ত উদ্বেগজনক। কিয়নো ভাৰতত এজন লোকে এদিনত গড়ে ১৬ৰ পৰা ২০ চামুচ চেনি, আহাৰত ২-৩ চামুচ নিমখ আৰু প্ৰায় ৮ চামুচ তেল গ্ৰহণ কৰে।

এই কথা সকলোৱে জানি থোৱা ভাল যে, চেনি কেইবা প্ৰকাৰৰো থাকে, যেনে মাল্টোজ, ফ্ৰক্টোজ, সুক্ৰোজ, গেলেক্টোজ আৰু লেক্টোজ। আমি সাধাৰণতে চাহৰ সৈতে বা জলপানৰ সৈতে মিলাই খোৱা চেনিয়েই কেৱল আমাৰ দেহলৈ নাযায়, চেনি আমি গ্ৰহণ কৰা নানা খাদ্যৰ লগতে ফল আদিতো থাকে।
- Log in to post comments