আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক অসম ৰাইফলছ আৰু অসম আৰক্ষী

Three Assam youths detained in Arunachal over alleged plans to join ULFA

উদ্ৰপন্থী সংগঠনটোত যোগদান কৰিবলৈ যোৱাৰ সময়ত তিনি যুৱকক আটক অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ৷

বহিঃৰাজ্যত কৰ্মৰত কাকপথাৰৰ তিনি যুৱকক আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ খাৰচাঙত আটক কৰে ৷ আটকাধীন যুৱককেইজন ক্ৰমে কাকপথাৰ মাইথং গাঁৱৰ নবোত্তম বাউলাৰি, জয়ন্ত কোঁৱৰ আৰু মঞ্জিত নেওগ ।

সদ্য আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ নেতা অৰুণোদয় অসমৰ লগত আত্মসমৰ্পণৰ পূৰ্বে যুৱক কেইজনে যোগাযোগ কৰিছিল বুলি সন্দেহ কৰা হৈছে৷ এই সন্দৰ্ভত অসম আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱক কেইজনক সোধা-পোচা অব্যাহত ৰাখিছে ৷

এই সন্দৰ্ভত এজন ধৃত যুৱক নবোত্তম বাউলাৰিয়ে কয়, “আমি অৰুণোদয় দহোটীয়াৰ লগত কথা পাতি আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ আছিলো আৰু ৰাস্তাতে আমাক ধৰিলে । আমি বেংগালুৰুত কাম কৰি আছিলো ।”

Category