পুনৰ হাতী-মানুহৰ সংঘাত! নিমিষতে শেষ হৈ গ'ল সকলো, প্ৰাণ হেৰুৱালে ১জনে........

Elephant

ৰাজ্যত পুনৰ হাতী মানুহৰ সংঘাত। নিমিষতে যেন শেষ হৈ গ'ল এটা পৰিয়ালৰ আশা-ভৰষা সকলো। এই কৰুণ ঘটনাটো সংঘটিত হৈছে ভেৰগাঁৱৰ ডিমাকুছিত।

ভেৰগাঁৱৰ ডিমাকুছিত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এজন লোক। নিহত ব্যক্তিজনৰ ২ নং উত্তৰ ডিমাকুছিৰ গিৰিধাৰী ৰাজবংশী বুলি জানিব পৰা গৈছে।

elephant

খবৰ অনুসৰি, শুক্ৰবাৰে ৰাতিপুৱা ভাগত নিজ গৃহতে শুই থকা সময়তে ঘৰ ভাঙি আক্ৰমণ কৰে এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে। এই ভয়ংকৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে গিৰিধাৰী ৰাজবংশীৰ কণমানি পুত্ৰৰ। 

ইফালে নিশা বহুকেইটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে বন্যহস্তীয়ে। এতিয়া যেন হাতী-মানুহৰ সমস্যা সমাধানত ব্যৰ্থ হৈ পৰিছে বিয়াগোম বন বিভাগ। চলিত মাহতে ৰাজ্যত প্ৰায় ১০ জনতকৈ অধিক ব্যক্তি বন্যহস্তীৰ আক্ৰমণত নিহত হয়। 

elephant

সকলোৰে কেৱল এটাই প্ৰশ্ন কেতিয়ালৈ হাতী-মানুৰ সংঘাতৰ সমস্যা সমাধান কৰিব চৰকাৰে। চৰকাৰ তথা বন বিভাগৰ লোকক অতি সোনকালে এই সমস্যা সমাধানৰ দাবী তুলিছে ৰাইজে।

Category
Profile picture for user UB Photos