কেতিয়াবা ভাবিছে নে বাৰু যে 'দৈ'য়ে আপোনাৰ জীৱন সলনি হ'ব পাৰে!আজি জানো আহক 'দৈ'ৰ দ্বাৰা কেনেকৈ ভাগ্য উদয় কৰিব পাৰি?....

curd

হিন্দু ধৰ্মত দৈৰ বিশেষ তাৎপৰ্য আছে। পূজা-পাঠত ভগৱানক ভোগ দিয়াৰ পৰা আদি কৰি পঞ্চামৃতো দৈৰ ব্যৱহাৰ কৰা হয়। আনহাতে দৈৰে ভগৱানক স্নান কৰোৱাটোও শুভ বুলি জনা যায়। 

লোকবিশ্বাস যে দৈ খালে সকলো সংকট দূৰ হয়, কেতিয়াবা আমি দেখো যে যিকোনো শুভ কামত যোৱাৰ পূৰ্বে দৈ খাইহে ঘৰৰ পৰা বহু লোক ওলাই যায়।ইয়াৰ লগতে দৈৰ আৰু কিছুমান উপায় কৰিলে জীৱনৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

curd

ঘৰতে কৰক দৈৰ কিছুমান উপায়, যিয়ে আপোনাক লাভ দিব -

১. ভগৱান শিৱক গাখীৰৰ সৈতে দৈৰে স্নান কৰোৱাও যথেষ্ট শুভ বুলি কোৱা হয়। যদি কোনো লোক আৰ্থিক অনাটনত ভুগি আছে তেন্তে ভগৱান শিৱক দৈৰে অভিষেক কৰোৱাব লাগে।

২. যদি কোনো লোক বাৰে-বাৰে প্ৰতিটো কামতে অসফলতা লাভ কৰে, তেন্তে যিকোনো শুভ কাম কৰাৰ পূৰ্বে কপালত দৈ আৰু চাউলৰ ফুট লগাই ওলাই যাওক, কাম হৈ উঠিব।

৩. শাস্ত্ৰ অনুসৰি কুণ্ডলী আৰু গ্ৰহ দোষ দূৰ কৰিবলৈ সদায় দৈ খাব লাগে। ইয়াৰ দ্বাৰা গ্ৰহ দোষৰ বাবে অহা সমস্যাৰ সমাধান হ’ব।

৪. জ্যোতিষ শাস্ত্ৰ অনুসৰি ধন-সম্পত্তি পাবলৈ আৰু ধনৰ হানি বাধা দিবলৈ সদায় দৈত আতৰ ঢালি স্নান কৰক। যথেষ্ট লাভ হ’ব।

curd

৫. যদি কোনো লোকে গুৰুত্বপূৰ্ণ কাম কৰিবলৈ গৈ আছে, তেন্তে ইয়াৰ পূৰ্বে চেনিৰ সৈতে দৈ খাই ওলাই যাওক, এইটো যথেষ্ট লাভদায়ক হ’ব। ইয়াৰ মুখ্য কাৰণ হ’ল যে দৈয়ে আমাৰ মগজু আৰু শৰীৰত ঠাণ্ডা প্ৰভাৱ পেলায়।

৬. জ্যোতিষ শাস্ত্ৰ অনুসৰি, যদি সন্তান খিংখিঙীয়া হৈছে বা পঢ়াত মন দিয়া নাই, তেন্তে ৰূপৰ চামুচ বা বাটিত দৈ ৰাখি শুৱাৰ সময়ত তেওঁলোকৰ মূৰৰ কাষত ৰাখক।

ইয়াত অলপ দূৰত ৰাখিব আৰু পুৱা এই দৈ খিনিক নদী বা পানীত উটুৱাই দিয়ক। এইটো কৰি থাকিলে সন্তানৰ মন শান্ত হ’ব, খং কমিব আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ’ব।

Category