খাদ্য সেৱন কৰোঁতে সাৱধান হওঁক! মাছৰ পিছত এইবাৰ গাখীৰত ফৰ্মেলিন......

Milk

সাৱধান এইবাৰ গাখীৰত ধৰা পৰিছে ফৰ্মেলিন! ধুবুৰী জিলাৰ খাদ্য পৰিদৰ্শক আৰিফা বেগমে উদঙাইছে এই ভয়ংকৰ দিশ। বুধবাৰে বিষয়াগৰাকীয়ে ধুবুৰীৰ পৰা সংগ্ৰহিত গাখীৰ নমুনাত একাংশ নিম্ন মানদণ্ডৰ সামগ্ৰী পোৱাৰ তথ্য ই-মেইল যোগে সদৰি কৰিছে।

লগতে তেওঁ উল্লেখ্য কৰে যে, পৰীক্ষাগাৰত প্ৰেৰণ কৰা গাখীৰৰ নমুনাত পাউডাৰ জাতীয় সামগ্ৰীকে ধৰি মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক ফৰ্মেলিনজাতীয় ৰাসায়নিক সামগ্ৰী পোৱা গৈছে। বিগত ১ জুলাইৰ পুৱা ধুবুৰীৰ বৰলুইতৰ কাছাৰী পাৰঘাটৰ সন্মুখৰ ৰাজপথৰ দাঁতিত এগৰাকী গাখীৰ বিক্ৰেতাই গাখীৰত কেমিকেল জাতীয় কিবা দ্ৰব্য মিহলি কৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। 

milk

 

তাৰ পাছতে ৰাইজৰ অভিযোগত ধুবুৰীৰ কাছাৰী ঘাটত খাদ্য সুৰক্ষা বিভাগৰ এটি দলে আৰম্ভ কৰিছিল অভিযান। ধুবুৰীত খাদ্য সুৰক্ষা বিভাগে চলন্ত পৰীক্ষাগাৰেৰে আৰম্ভ কৰিছিল গাখীৰৰ মানদণ্ড নিৰূপণৰ সমান্তৰালকৈ নমুনা সংগ্ৰহৰ কাম। সংগৃহিত উক্ত গাখীৰৰ একাংশ নমুনাত ফৰ্মেলিনজাতীয় ৰাসায়নিক দ্ৰব্য মিহলি কৰাৰ বিষয়টো ধুবুৰীত জনস্বাস্থ্যৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই অনা বুলিয়েই পৰিগণিত হৈছে বৰ্তমানে।

মন কৰিবলগীয়া যে, ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন চৰাঞ্চলৰ পৰা প্ৰতিদিনে শ শ লিটাৰ গৰু আৰু মহৰ গাখীৰ লৈ চহৰখনলৈ আগমন ঘটে বহু গাখীৰ বিক্ৰেতাৰ। ইয়াৰে একাংশই মানুহৰ ঘৰে ঘৰে গৈ গাখীৰ বিক্ৰী কৰাৰ বিপৰীতে আন একাংশই ধুবুৰীৰ বজাৰত গাখীৰ বিক্ৰী কৰে। তদুপৰি চহৰখনৰ অধিকাংশ সৰু-বৰ  চাহ-মিঠাইৰ দোকান, ৰেষ্টুৰেন্ট আদিও চৰাঞ্চলৰ পৰা অহা গাখীৰ বিক্ৰেতাৰ পৰাই গাখীৰ ক্ৰয় কৰে। 

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি খাদ্য সুৰক্ষা বিভাগে ধুবুৰীৰ পৰা সংগ্ৰহ কৰা গাখীৰৰ নমুনাত তেনে ভয়ানক কিবা উপাদান পাইছে, তেন্তে এতিয়ালৈ কিয় বিহিত ব্যৱস্থা লোৱা হোৱা নাই।
 

Category
Profile picture for user UB Photos