CBI Investigation

অৱশেষত জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত সকলোবোৰ স্পষ্ট কৰিলে CBIয়ে। অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ২বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। এই মৃত্যুক সহজভাৱে লোৱা নাছিল পৰিয়ালৰ লোকে। 

এয়া এক পৰিকল্পিত হত্যা বুলি দাবী কৰিছিল সকলোৱে। সেয়েহে ৰহস্যজনক পথ দুৰ্ঘটনাত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটো প্ৰথমে তদন্ত কৰিছিল CIDয়ে, পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব দিছিল CBIক।