বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি। নগাঁওৰ পৰা বটদ্ৰৱালৈ কংগ্ৰেছ দলে ৰূপায়ণ কৰা ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা কাৰ্যসূচীৰ।মাজতে উত্তপ্ত পৰিস্থিতি
এই কাৰ্যসূচীত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, মনোজ চৌহান, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, দুৰ্লভ চমুৱা আদি শীৰ্ষ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। বটদ্ৰৱাত উপস্থিত হৈ কংগ্ৰেছ নেতাসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে। তাৰমাজতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।
বিজেপি কৰ্মীয়ে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি ‘বাংলাদেশী মিঞাৰ দালাল’ আৰু ‘পাকিস্তানৰ এজেণ্ট’ আখ্যা দি শ্লোগান দিয়ে। এফালে গৌৰৱ গগৈ গ' বেক, পাকিস্তানী এজেন্ট গ' বেগ ধ্বনি, আনফালে কংগ্ৰেছ সমৰ্থকৰ জিন্দাবাদ ধ্বনি। একাংশ প্ৰতিবাদকাৰীক টানি চোঁচৰাই নিলে কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাত।
আনহাতে, প্ৰতিবাদকাৰী সকলক বুজাবলৈ প্ৰদেশ কংগ্ৰেছ প্ৰাক্তন সভাপতি ভূপেন বৰাই চেষ্টা চলালেও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি স্থান ত্যাগ কৰে বুলি জানিব পৰা গৈছে। বটদ্ৰৱা থানৰ পৰা উভতি যোৱাৰ পথতো কংগ্ৰেছ দলক বাধা দি পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।
- Log in to post comments