দক্ষিণ-পশ্চিম চীনৰ পাহাৰীয়া য়ুনান প্ৰদেশত ২২ জানুৱাৰীত সংঘটিত হয় এক ভয়াবহ ভূমিস্খলন। চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা মতে, বেইজিঙৰ সময় অনুসৰি পুৱা ৫:৫১ বজাত ঝাওটং চহৰৰ লিয়াংছুই অঞ্চলত এই দুৰ্যোগৰ সৃষ্টি হয়।
উল্লেখ্য যে, ভূমিস্খলনত ৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ লগতে আন ৪০ জনৰো অধিক লোক নিৰুদ্দেশ হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
উদ্ধাৰকাৰী বিষয়াসকলে নিৰুদ্দিষ্ট লোকসকল ১৮টা ভিন্ন পৰিয়ালৰ বুলি জানিবলৈ দিয়ে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰা ৫০০ৰো অধিক বাসিন্দাক উলিয়াই অনা হয় বুলিও তেওঁলোকে সদৰী কৰে।