Grenade blast

পাকিস্তানী সন্ত্ৰাসবাদীয়ে গিজগিজাই থকা কাশ্মীৰৰ ট্ৰালৰ এলেকাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১২ কিলোগ্ৰাম ওজনৰ এটা আইইডি। ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলটো। সন্ত্ৰাসবাদীয়ে দেওবাৰে জম্মু-কাশ্মীৰৰ নিছাট অঞ্চলত নিৰাপত্তাকৰ্মীক লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে। গ্ৰেনেডটোৰ বিস্ফোৰণৰ ফলত কেইবাজনো অসামৰিক লোক আঘাতপ্ৰাপ্ত হয়। গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ পিছতে আৰক্ষীয়ে আজি উত্তৰ কেন্দ্ৰীয় শাসিত অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।