Deforestation Assam

আজি বিশ্ব পৰিৱেশ দিৱস। দেশজুৰি উদযাপন কৰিছে এই দিৱস। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰা হৈছে বৃক্ষৰোপণ। কিন্তু তাৎপৰ্য পূৰ্ণ বিষয়টো হৈছে বছৰটোৰ আটাইকেইটা দিনত গছ কাটি কেৱল এটা দিনত বৃক্ষ ৰোপন কৰি আমি জানো আমাৰ পৃথিৱী খনক জীয়াই ৰাখিব পাৰিম? দৈনন্দিন গছ কাটি আমি নিজেই আমাৰ পৃথিৱী খনক ধ্বংসৰ গৰাহত ঠেলি দিছো। এটা বিশেষ দিনত গছ ৰুইয়ে আমি শেষ কৰো নেকি আমাৰ দায়িত্ব? পৃথিৱী খনক জীয়াই ৰাখিবলৈ দৈনন্দিন গছ কটাৰ সলনি প্ৰত্যেকদিনাই একোটাকৈ গছ পুলি ৰোৱাৰ পণ লওক আপুনি। এই সুন্দৰ পৃথিৱী খনক আৰু সুন্দৰভাৱে গঢ় দিয়াটো আমাৰ দায়িত্ব।