আজি মুকলি নহয় শ্ৰী ৰঘুপতি। নিম্ন আদালতে 15 জুনলৈ সময়সীমা দিয়াৰ বাবে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হ'ল প্ৰযোজক শৈলেন শৰ্মা। অহা সোমবাৰে পুনৰ শুনানি হব এই গোচৰৰ। তাৰ পিছতহে সিদ্ধান্ত হ'ব কেতিয়া মুক্তি লাভ কৰিব শ্ৰী ৰঘুপতিয়ে।
বহু অপেক্ষাৰ অন্তত আজি মুক্তিৰ বাবে সাজু হৈছিল ৰবি শৰ্মাৰ 'শ্ৰীৰঘুপতি'। ইতিমধ্যে বৃহস্পতিবাৰে ছবিখনৰ প্ৰিমিয়াৰ শ্ব' অনুৰাধা ছবিগৃহত অনুষ্ঠিত হৈ যায়। আজি ছবিখন ৰাজ্যৰ প্ৰায় ৬০টা ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল। উল্লেখ্য যে ৰবি শৰ্মাৰ এই ছবিখনক লৈ দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল ছবিপ্ৰেমী তথা ৰবি শৰ্মাৰ অনুৰাগীসকলে।
- Today is: