IPL India

কিছু সময়ৰ পিছতে দেশবাসীয়ে পাব IPL 2023 ৰ চেম্পিয়ন। গুজৰাট টাইটানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত হব লগীয়া বহু প্ৰত্যাশিত ফাইনেল খন যোৱাকালি বৰষুণৰ বাবে পিছুৱাই দিয়া হৈছিল। আজি ৭.৩০ বজাত আহমেদাাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামতে হ'ব মেচখন। খিতাপ দখলৰ লক্ষ্যৰে যুঁজ দিব চাৰিবাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ আৰু যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছে। অধিক আগ্ৰহেৰে ফাইনেলৰ বাবে ৰৈ আছে দুয়োটা দ'লৰ সমৰ্থকসকল।