IIT খড়গপুৰত অধ্যয়ন কৰা ছাত্ৰ ফাইজান আহমেদৰ মৃত্যুৰ ৰহস্য এতিয়াও উদঘাটন হোৱা নাই। আজি কবৰ খান্দি উলিওৱা হ'ল ফাইজানৰ মৃতদেহ। আমোলাপট্টিৰ কবৰস্থানত উপস্থিত কলকাতাৰ CIDৰ দল। উপস্থিত ফৰেনছিক বিশেষজ্ঞৰ দল আৰু অসম আৰক্ষী। কলকাতাৰ HCৰ নেতৃত্বত উলিওৱা হ'ল মৃতদেহ। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিছিল HCএ। কবৰ খন্দাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। IITৰ প্ৰতিনিধিৰ উপস্থিতিক লৈ অসন্তুষ্ট পৰিয়াল। ২০২২ চনৰ ১৪ অক্টোবৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহ। কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ঘটনাটোক লৈ আৰম্ভ হৈছে তদন্ত। ৰেগিঙৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ নৃশংসতাৰ বলি হোৱাৰ অভিযোগ ফাইজানৰ মাতৃৰ। ক
- Today is: