Child trafficking in Assam

নিতৌ ন ন কু-কীৰ্তি পোহৰলৈ আহিছে চিকিৎসক দম্পতিৰ। সাঙোৰ খাইছে শিশু যোগান ধৰা মহিলাৰ পৰা ধৰি আশাকৰ্মীও। সংগীতা দত্তক যোগান ধৰা মহিলা উৎপলা বসুৰ আত্মসমৰ্পণৰ পিছতেই লাগিছে খলকনি। উৎপলাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল দুই আশা কৰ্মীক। শিশু সৰবৰাহত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছিল দুই আশাকৰ্মীক।মালিগাঁও আৰু ফটাশিলৰ পৰা আটক কৰিছিল দুই আশাকৰ্মী লালবানু আৰু চুবেৰা। আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দুই আশাকৰ্মীৰ।স্বীকাৰ কৰিছে উৎপলা বসুক শিশু দুটি যোগান ধৰাৰ কথা। বৰপেটাৰ পৰা যোগান ধৰিছিল ছোৱালীজনীক। আৰু লৰাটিৰ মাতৃয়ে শিশুটিক বিক্ৰী কৰি বিহাৰৰ এজন ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। লৰাট