Ranjan Gogoi

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে অসম পাব্লিক ৱৰ্কছ চমুকৈ APWৰ সভাপতি অভিজিৎ শৰ্মাই ৰুজু কৰিছে দুটাকৈ গোচৰ। ৰঞ্জন গগৈৰ বিৰুদ্ধে ১ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে অভিজিৎ শৰ্মাই । প্ৰাক্তন ন্যায়াধীশগৰাকীৰ 'JUSTICE FOR THE JUDGE' গ্ৰন্থখনত আপত্তিজনক কথা লিখাৰ অভিযোগেৰে APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাই ২৬১/২০২৩ নম্বৰত কামৰূপৰ দেৱানী আদালতত ১ কোটি টকাৰ মানহানীৰ গোচৰ তৰিছে। তাৰোপৰি 'JUSTICE FOR THE JUDGE'গ্ৰন্থখন নিষিদ্ধ কৰিবলৈও ৪৪৭/২০২৩ নম্বৰত আন এক গোচৰ ৰুজু কৰিছে অভিজিৎ শৰ্মাই ৷ গ্ৰন্থখনত কিছু আপত্তিজনক তথ্য সন্নিবিষ্ট হোৱা বুলি অভিজিৎ শৰ্মাই অভিযোগ উ