Mother Son relation

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লোৱা এগৰাকী যুৱকৰ মৃত্যুৰ বেদনা সহিব নোৱাৰি মৃত্যুক সাৱতি ললে যুৱকজনৰ মাতৃয়ে। এই অসহনীয় বেদনাদায়ক ঘটনা সংঘটিত হৈছে শোণিতপুৰৰ বান্দৰমাৰীৰ মণিজাৰনী গাঁৱত। উল্লেখ্য যে বান্দৰমাৰি মণিজাৰণী গাঁৱত দৰিদ্ৰ পৰিয়ালৰ যুৱক বুকল বড়ো (২৩) চেন্নাইৰ তিৰোপুৰ জিলাৰ অন্তৰ্গত মাদাথুকোলাম অঞ্চলৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। কিন্তু যোৱা ৭ মে' তাৰিখে চেন্নাইৰ মাদাথুকোলামৰ এটা পুখুৰীত মাছ ধৰি থকা অৱস্থাতে বকুল বড়োৰ দুই সতীর্থ পুখুৰীৰ পানীত পৰি যায়। দুই সতীৰ্থক পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ কৰিবলৈ যাওঁতেই বকুল বড়ো নামৰ যুৱকজন পুখুৰীৰ পানীত পৰি মৃত্যুৰ মুখত পৰে