প্ৰসংগঃ কামাখ্যাত নৰবলিৰ ঘটনা। ঘটনাৰ তদন্ত অব্যাহত মহানগৰ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত পুনৰ আটক এগৰাকী মহিলাক। পশ্চিমবংগৰ পৰা আটক কৰিছে মহিলাগৰাকীক। সমগ্ৰ ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰিছিল মহিলাগৰাকীয়ে। হত্যাৰ বলি হোৱা শান্তি শ্ব' ৰ লগত আহিছিল গুৱাহাটীলৈ। ১৮ জুন ২০১৯ চনত শান্তি শ্ব'ৰ সৈতে গুৱাহাটীলৈ আহিছিল মহিলাগৰাকী। মহিলাগৰাকীক নৰবলি ঘটনাৰ ৰাজসাক্ষী কৰাৰ সম্ভাৱনা। সমান্তৰালভাৱে কেনেদৰে ৫ অভিযুক্তই নৰবলিৰ ঘটনা সংঘটিত কৰিছিল সকলো তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।
- Today is: